পৃষ্ঠা:সাধনী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় গর্ভাঙ্ক।
ফুলনি।
( সাধনী আৰু শান্ত।}

শান্তি৷- শান্তি নাম ধৰিলোঁ মিছাই !
সাধনী৷ -কিয় সখী ?
শান্তি৷- প্রয়োজন শান্তি য’ত,
 পৰা নাই দিব তাত লেশমাত্র তাৰ,—
 শান্তি-সুধা সখীয়াৰ বুজনি সুৰত।
 দিনকে মলিন দেখিছোঁ মুখানি তৱ
 কিবা আবেগত, নুফুটে হিয়াৰ ভাব
 অধৰ পাহিত,--বিৰিঙ্গি উঠিছে মাথোঁ।
 মুখ-দাপোনত।
সাধনী ৷—সৰ্ব্বজান সখী তুমি,—
 হাঁহিমুখে মন ছলি, প্ৰৱেশি অত্বৰ,
 চুৰ কৰাঁ মনােভাব ভাবুক জনৰ।
 বাকী নাই বুজিবৰ মনােভাব মোৰ।
 কিন্তু সখি ! কিনাে ক’ম, আপুনি বুজিব
 নােৱাৰোঁ আপােন ভাব। কি দিম উত্তৰ!