পৃষ্ঠা:সাধনী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনী।

 সততে দেখিছোঁ মাৰ্থে—একৰ উপৰি
 দুই থাকে যাৰ গাত, সেয়ে সুপুৰুষ।
 এতেকে বিচাৰা পুৰু আপোন ৰাজাতে
 সুপাত্ৰ সিৰুপ।
ভয়—ভাল বাৰু,
 ভাবি চাও কি পাৰো কৰিব।
 ঈশ্বৰ কৰুণাময় আছে ওপৰত;
 তেওঁ হে কৰোঁতা, আমি কাৰণ মাখেন।
 ইচ্ছাময় তেওঁ; সেই ইচ্ছ। ফলে মাৰ্থে
 নৰৰ ভাগত। ভাগ্যত যি আছে লিখা
 অৱশ্যে ফলিব। ভাগ্যে যেন ফলিয়ায়
 “ঈশ্বৰে যি কৰে ভাল মানুহ কাৰণে।”
 চাওঁ বাৰু, আবি-চিন্তি নীৰলে এবাৰ;
 কৰিম মীমাংসা পাছে প্ৰকাশ্যে সভাত,
 আলচি মন্ত্ৰীৰ সতে সভাসদে মিলি।
 (যৌন)
 লাগিছে বিষম অতি দেহ মন-প্ৰাণ,
 উল-থুগুল ভাব খেলিছে হিয়াত!
 ফুৰোগই নিজানত উদ্যানৰ ফালে;
 গজনে শান্তিভঙ্গ কৰে মাৰ্থে মোৰ।
 যোৱা প্ৰিয়া পাৰ্লাগই গৃহধৰ্ম তৱ;
 যাওঁ মই, আহে ফুৰি অন্তৰ জুৰাই!
 (দুইৰো দুষ্কালে প্ৰস্থান।
-
-
-