পৃষ্ঠা:সাধনী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সাধনী।

 নাই তাত ভুল-ভ্রান্তি, অপায়-বিঘিনি ।
 সকলে মঙ্গল মাগ্নে শায়া-সংসাৰত ;
 ধুপ বিশ্বাস মােৰ।
ধৰ্ম্ম —মােৰৰ সি বিশ্বাস।
 কিন্তু স্বয়, কি ফয়ে উপায়; কিননা মতে
 সাবে এবে কন্যাদায়!
লীলা নালাগে ভাবিব না ।
 নপাল যদ্যপি পাত্ৰ দূৰ-বিদেশত,
 বিচাৰ এতিয়া নিজে নিজৰ ৰাজ্যত ।।
 মিলে যদি, ভাগ্যে মােৰ, এই ৰাজ্যতেই
 মনে-বচা বৰ হয়, সাধনী-কাৰণে,
 বাছা মােৰ থাকিব কাষতে ; দেখি প্রাণ।
 জুৰ হব মােৰ? সেই হে ভাবিছো নাথ,
 অতি উলাহেৰে—ঈশ্বৰে ভালকে কৰে,
 মানুহকৰিলে।
পর্শ-ভাবিছা নে প্রিয়া হেৰা,
 হোৱা নাই ময়াে সেই ভাব? পাওঁ যদি
 যােগ্য পাত্ৰ আপোন ৰাজ্যত, ইচ্ছা কৰি
 নিলগাওঁ একেটি সন্তান মােৰ ।কিন্তু
 দুৰদৃষ্ট হয়। ইৰাজ্যত নাই কোনো
 রূপে-গুণে জ্ঞানে, যােগ পাত্র পাবলই
 সাধনী কাৰণে।
লীলা -নহয় সম্ভৱ নাথ,
 এনতে ৰূপ-গুপ-অজ্ঞান সমাবেশ।