পৃষ্ঠা:সাধনী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সাধনী।

আৰু মোত্ কথা নাই। লোৱাঁ চাই-বুজি
মায়া-লগা ৰাজ্যধন; ললোঁ মাথোঁ মই
ছুটীয়াৰ ৰাজলক্ষ্মী, ‘কুবেৰ-সম্পত্তি’।
মুগ্ধ নৰ, চাই লোৱাঁ, চাই লোৱাঁ আজি,
কিৰূপে সতীয়ে কৰে বৈকুণ্ঠ প্ৰয়াণ।
 (কুবেৰদত্ত সম্পত্তি লৈ হাঁহি হাঁহি
 সাধনীয়ে কুণ্ডত জাঁপ দিয়ে)!

⸺ ০ ⸺

যবনিকা।

⸺ ০ ⸺