পৃষ্ঠা:সাধনী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
সাধনী

 নতুবা নৃপতি মুখে ইহেন প্ৰলাপ
 অসম্ভৱ, — অসম্ভৱ জানিবা নিশ্চয়।
 আৰু শুনা, —
 ‘কুবেৰ-সম্পত্তি' কথা; এৰাঁ তাৰ আশা।
 হোৱা নাই প্ৰতিশ্ৰুত প্ৰাণেশ্বৰ মোৰ
 সেই ধন সমৰ্পণ হেতু; যিবা সমিধান
 পালাঁ তুমি আছেনে মনত? চোৱাঁ ভাবি,
 কিহেতু এৰিলে প্ৰাণ প্ৰাণেশ্বৰে মোৰ,
 কি ভাৱে উৰালে নাথে প্ৰস্তাৱ তোমাৰ
 পুৰুষৰ বীৰ্য্য দেখুৱাই।
কনচেং। — ক্ষমা কৰা সতি।
 যুক্তিৰ অধীন আমি, আদেশৰ দাস।
 নকৰাঁ যদিহে আহি আত্ম-সমৰ্পণ
 মন মোৰ ভদ্ৰ নিবেদন, বাহুবল
 অগত্যা প্ৰয়োগ জানা।
 (ধৰিবলৈ লাহে লাহে আগ বাঢ়ে)
সাধনী। — ক্ষান্ত হোৱাঁ।
 অন্ধ তুমি, নাহিবাঁ উধাই;
 সাধ্য নাই পাবলই স্পৰ্শ এই তনু।
 দেখা নাই জনমত সতীৰ মহিমা।
 সিহেতু সাহিছাঁ এনে উন্মাদৰ প্ৰায়।
 হব জন্ম মহাসতী ৰাজ্যত তোমাৰ,
 আশীৰ্ব্বাদ লোৱাঁ এই, মূল্য শত্ৰুতাৰ।