পৃষ্ঠা:সাধনী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
সাধনী।

 দিয়াঁ মাতৃ জন্মভূমি, দিয়াঁহে বিদায়,
 মৰষি সমস্ত দায় অপোন কন্যাৰ।
 আৰু মাতোঁ পৃথিবীক, — জননী-জননী, —
 ৰাখিবাঁ মিনতি মোৰ অন্তিম কালত,
 ক্ষেমিবা সকলো দায় ইহ জনমৰ।
 একেষাৰ সম্ভাষণ কৰিবাঁ গ্ৰহণ
 নৰ-নাৰী মৰতৰ; ক্ষেমিবা সষাৱে,
 নাজানি কৰিছোঁ যদি কিবা অপৰাধ।
 শত্ৰু বুলি পৰিচয় দিছিলাঁ যি সৱে,
 চেনেহী মাতেৰে এবে দিয়াঁহে বিদায়,
 ই মোৰ স্নেহ-সম্ভাষণ। — যাওঁ এবে,
 থাকাঁ সৱে, বিদায়! বিদায়!!
 (মৌন}
 (সসৈন্ঠে বনচেতৰ প্ৰৱেশ)
কনচেং। — মহাৰাণী,
 লোৱাঁ মোৰ সম্মান অশেষ।
সাধনী। — কোন তুমি?
 কিয় মোৰ চাপিছাঁহি কাষ?
কনচেং। — আহোম ৰজাৰ
 মই মন্ত্ৰী-সেনাপতি।
সাধনী। — কিহেতু ইঠাঁই?
কনচেং। — ৰণত বিজয়ী হেতু।
সাধনী। — জানো সেই কথা।
 কিহেতু আহিছাঁ হেথা।