[৪]
ইমান দিন জয়ন্তীয়ে দুৰ্ব্ব্যৱহাৰকেই পাই আহিছে, তাৰ ফলত তেওঁৰ শৰীৰলৰুগ্ন – জীৰ্ণ শীৰ্ণ। তথাপি লৰা-ছোৱালী দুটিলৈ চাই, স্বামীৰ মুখলৈ চাই, দিনৰ দিনটো কোনো আপত্তি নকৰাকৈ ঘৰুৱা কাৰ্য্য কৰি ফুৰিছিল। এনে অৱস্থাতো ৰমানাথে এদিনলৈকো জয়- ন্তীৰ বিষয়ে চিন্তা কৰা নাছিল; জানোচা ঔষধ কিনিব লগা হয়, তেওঁৰ পইচা খৰচ কৰিব লগাত পৰে! পইচা খৰচৰ ভাবটো ৰমানাথে মনলৈকে আনিব নোৱাৰে। অৱশ্যে পৰৰ পালে হলে জ্বৰৰ গাৰেও নেৰে; সেই কাৰণেই তেওঁৰ দৰে চৰিত্ৰৰ লগৰীয়াৰ লগত পৰৰ খৰচত পোৱা মদো দুই এটোপাকৈ ৰমাৰ পেটত সোমায় আৰু মাজে মাজে আলি খাৱৈত বাগৰি নাইবা জয়ন্তীৰ ওপৰত পাশবিক অত্যাচাৰ কৰি তাৰ গৌৰব ঘোষণা কৰে।
জয়ন্তীয়ে ইমান দিন ইমান অত্যাচাৰ নীৰবে সহা কৰিছিল; স্বামীৰ দৰ্শনতেই দুখৰ কিছু উপশম হৈছিল, কিন্তু এতিয়া সিও দুষ্কৰ হৈ পৰিল, তেওঁৰ প্ৰাণত সমূলি শান্তি নোহোৱা হ'ল। আবেলি বাটলৈ চাই চাই যেতিয়া ৰমাৰ প্ৰত্যাগমনৰ আশাত জলাঞ্জলি দি পাটীত পৰি নীৰৱে চকু-লো টোকে, তেতিয়া জগৎ তেওঁৰ পক্ষে অন্ধ- কাৰময় হৈ উঠে! সকলো অত্যাচাৰ-অবিচাৰৰ বোজাই