সহ্য কৰিব পাৰে, স্বামীৰ অত্যাচাৰকো মূৰ পাতি ল'ব
পাৰে, কিন্তু যেতিয়া মনত দৃঢ় ধাৰণা হয় যে তেওঁৰ
দৰেই আন কাৰোবাক হিয়া উচৰ্গা কৰিহে তেওঁৰ স্বামীয়ে
তেওঁক অবজ্ঞা কৰিছে, তেতিয়া তাক কোনোমতেই
সহ্য কৰিব নোৱাৰে; আনৰ ওপৰত তাৰ প্ৰতিশোধ
লব নোৱাৰিলে নিজৰ ওপৰতে লয়। জয়ন্তীয়েও ঠিক
তাকেই কৰিৰলৈ স্থিৰ কৰিলে।
স্বৰ্ণ যেতিয়া প্ৰথমে আহে, তেতিয়া জয়ন্তীয়ে তেওঁক যথেষ্ট সমাদৰ কৰিছিল, কিন্তু এতিয়া তেওঁক লগ পাবলৈ তেওঁৰ সেই আগ্ৰহ অলপো নোহোৱা হ'ল। জয়ন্তীয়ে ভাবিছিল যে স্বৰ্ণৰ লগত ৰমানাথৰ অবৈধ প্ৰণয় আছে। নহলে তেওঁ এনেকৈ স্বৰ্ণৰ ঘৰৰ পৰা নুঠা হব কিয় আৰু স্বৰ্ণয়েই বা তেওঁক এনে দৰে ঘনিষ্ঠতা ৰাখিবলৈ দিব কিয়? ৰমানাথৰ চৰিত্ৰৰ ওপৰত জয়ন্তীৰ আগৰে পৰা সন্দেহ আছিল, এতিয়া সি ডাঠ হৈ আহিল। জয়ন্তীয়ে জানিছিল ৰমানাথ আৰু তেওঁৰ বাপেক দুয়ো অৰ্থ-পিশাচ। সংসাৰত এনে কোনো জঘন্য কাম নাই, যিটো তেওঁলোকে ধনৰ লোভত কৰিব নোৱাৰে। এইবোৰ দেখি শুনি জয়ন্তীয়ে বুজি- ছিল ৰমানাথ স্বৰ্ণৰ উপাৰ্জ্জনৰ প্ৰেমত পৰি পৰোক্ষ ভাবে স্বৰ্ণৰ প্ৰেমতো পৰিছে। প্ৰকৃত নিঃস্বাৰ্থ প্ৰেমৰ অনুভূতি যে ৰমানাথৰ কেতিয়াও নহয়, সেইটো জয়ন্তীৰ ভালকৈ জনা আছিল।