সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
সাতসৰী


 স্বৰ্ণৰ চৰিত্ৰৰ সম্পৰ্কে কোনো মতামত দিবলৈ আমি সমৰ্থ নহওঁ; কাৰণ আমি নিজে তাৰ একোকে নাজানো, আৰু নানা মুনিৰ নানা মত একে মূলত মিলাবৰ কোনো উপায় নাই। অৱশ্যে, অনুমানৰ কথা ক'লে যদি দোষ নহয়, তেন্তে ক'ব পাৰোঁ যে এইবোৰ সমালোচনাৰ মূল স্বৰ্ণৰ সৌন্দৰ্য্য, চলন-ফিৰণৰ নতুনত্ব, আৰু সমালোচকৰ দুষ্প্ৰবৃত্তি।

 স্বৰ্ণৰ বয়স মুঠেই ঊনৈচ কি কুৰি; দেখাত সুন্দৰী, মুখখন গঢ়িত, চকু দুটা অলপ দীঘলীয়া, গাল দুখন পূৰ, চুলিটাৰ ক'লা আৰু দীঘল। স্বৰ্ণ এতিয়াও অবি- বাহিতা; তেওঁৰ মূৰত ওৰণি নাই, ফুৰা-চকাত লুকঢুক নাই, আন কি যেই সেই মানুহৰ লগত কথা পাতিব - লৈকো সঙ্কোচ নাই। তেওঁৰ ঘৰত প্ৰায়েই গান- বাজনাৰ ৰোল শুনিবলৈ পোৱা গৈছিল। এই খিনি কথাৰ ওপৰতে নিৰ্ভৰ কৰি স্বৰ্ণৰ চৰিত্ৰৰ ওপৰত নিৰ্ভুল মতামত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি ক'ব নোৱাৰোঁ, কিন্তু ডেকা আৰু আদহীয়াবিলাকে হ'লে আবেলি ফুৰিবলৈ যাওঁতে নাইবা গধুলি তাচ পাশাত বহোঁতে সততে তেওঁৰ সমালোচনাত মন-গা এৰি দিছিল। তেওঁলোকৰ সৰহ ভাগেই স্বৰ্ণৰ সৌন্দৰ্য্যত মুগ্ধ হৈছিল আৰু স্বৰ্ণৰ চৰিত্ৰ যেনে হ'লে, তেওঁলোকৰো উদ্দেশ্য সিদ্ধি হ'ব পাৰে, ঠিক তেনে ভাবেই গ্ৰহণ কৰিছিল।