এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
হৰিচৰণৰ বিয়া
তাৰ বাবে যদি কিবা কষ্ট সহিব লাগে, তাৰ নিমিত্তে প্ৰস্তুত আছোঁ।”
হৰিচৰণৰ সৎ সাহ দেখি লক্ষ্মীধৰে সন্তোষ পালে আৰু হৰিৰ প্ৰস্তাবত ললিতাৰ মত কি সুধি পঠিয়ালে। ললিতাই ৰং-মনেৰে সম্মতি দিলে। সেই দিনাই বিবাহৰ বন্দবস্ত হৈ গ’ল।
(৫)
হৰিচৰণ আৰু ললিতাৰ বিবাহৰ বন্দৱস্তৰ কথা চাৰিওফালে জনাজাত হৈ পৰিল। সকলোৱে সেই একেটা কথাকে আলোচনা কৰিবলৈ ধৰিলে। ব্ৰাহ্মণ-সমাজে মেল পাতি দুজনমান প্ৰতিনিধি পঠিয়াই হৰিক ভয় দেখুৱালে; শূদ্ৰবিলাকেও তেওঁক ইতিকিং কৰা হ’ল। তথাপি তেওঁ প্ৰতিজ্ঞাত অটল হৈ থাকিল।
হৰিচৰণৰ পিতাক নাই। মোমায়কে খবৰটো শুনি এদিন আবেলি পৰত হৰিৰ ঘৰ পালেহি। হৰিয়ে আদৰ সাদৰেৰে মোমায়েকক বহিবলৈ দিলে।
মোমায়েকে ক’লে, —‘মই তোৰ ঘৰত বহিব নোৱাৰোঁ। কিয়নো মই শুনা কথা সঁচা যদি, তোৰ লগত মোৰ কোনো সম্বন্ধ নাই।’
হৰি।—কি কথা মোমাইদেউ?