সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সাতসৰী


নিষাদ কবষক; তো ব্ৰাহ্মণসকলে পূজা নকৰাকৈ নাছিল; মংস্য-জীৱী কন্যাসম্ভূত ব্যাসদেৱে দেখোন ব্ৰাহ্মণসকলৰ শীৰ্ষস্থান অধিকাৰ কৰিছিল। তেনেহলে যি সমাজে তেওঁক ঘৃণা কৰিব, তেওঁ সেই সমাজক ঘৃণা কৰি নেৰিবৰ কাৰণ কি? তেনে সমাজৰ পৰা আঁতৰি, পাৰিলে তাৰ আবৰ্জ্জনাবোৰ সৰাই পেলাবলৈ চেষ্টা কৰাহে তেওঁৰ কৰ্ত্তব্য। তেওঁ স্থিৰ কৰিলে যদি লক্ষ্মীধৰে আপত্তি নকৰে, তেন্তে তেওঁ ললিতাক বিয়া কৰাব।

 সেই মতেই প্ৰস্তাব হ’ল। লক্ষ্মীধৰে হৰিক মাতি নি সেই বিবাহৰ পৰিণাম কি হ’ব পাৰে, তাক ভালকৈ বুজাই ক’লে।

 হৰিয়ে ক’লে –“মই সকলো কথা ভাবি চাইহে এই প্ৰস্তাব কৰিছোঁ। সমাজৰ কুন্ধচ ৰীতিৰ বশবৰ্ত্তী হৈ থাকিব নোৱাৰিলেই মানুহে কিছু কষ্ট পায়। কিন্তু আমি জনা উচিত যে সমাজে মানুহক সদায় একেটা সাঁচতে গঢ়ে মাথোন। আনফালে অনন্ত উন্নতিশীল মানৱাত্মাৰ উন্নতি অনিবাৰ্য্য। সেই কাৰণে মানুহৰ উন্নতি হলেই সমাজৰো উন্নতি হোৱাৰ আৱশ্যক হয়। একেদিনে নহয় বহুত দিনে তো হ’ব! আমাৰ কাৰ্য্য-কলাপ, শিক্ষা-দীক্ষা সকলো সীমাৱদ্ধ ৰাখি কূপমণ্ডুক হৈ চিৰকাল জীৱন, কটোৱা সমাজৰ অস্তিত্বও অমঙ্গলৰ নিমিত্তেহে; মই তেনে সমাজত থাকিব নোখোজোঁ।