আৰু কেতিয়াবা উন্মাদ হৈছিল; কিন্তু হৰিচৰণ নিশ্চল। বহুতো সজাতীয় ডাঙৰ মানুহে তেওঁক ছোৱালী যাচিছিল, কিন্তু তেওঁ কোনো প্ৰস্তাবকে গ্ৰহণ নকৰিলে।
ইফালে ললিতা। আহা! কি সুন্দৰী গাভৰু! কি মনোহৰ সুঠাম শৰীৰ! খোজ কঢ়াত, কথা কোৱাত কেনে ল-নি! পিন্ধা-উৰাত, খোপা বন্ধাত কেনে পৰিপাটি অথচ সৰল! ৰন্ধা-বঢ়াত, বোৱা-কটাত কোনে আঁৰ ধৰে? সঁচাকৈয়ে ললিতা সুন্দৰী। আন সুন্দৰীৰ লগত এয়ে মাথোন অমিল যে তেওঁৰ কথাই কথাই মিচিকিয়া হাঁহি মৰা অভ্যাস নাই; নতুন মানুহক বাৰ জুমি চোৱাৰ কৌতূহল নাই; নিজৰ ৰূপ-গুণৰ প্ৰদৰ্শনী পাতিবলৈ আগ্ৰহ নাই আৰু নাই কোনো বিষয়তে বাহ্যিক আড়ম্বৰ। তেওঁৰ পাণি-প্ৰাৰ্থী বহুতো ধনী মানী ডেকা ওলাইছিল— কিন্তু তেওঁ কাকো গ্ৰহণ কৰিবলৈ মান্তি নহ’ল! বাপেকেও কন্যাৰ মততেই ভৰ দিলে। সুখৰ বিষয় ললিতাৰ বাপেক লক্ষ্মীধৰ কন্যাৰ মত নোলোৱাকৈ যেনে তেনে পাত্ৰত কেচুৱা ছোৱালী অৰ্পণ কৰি হাৰমাল আঁতৰোৱা বিধৰ মানুহ নাছিল। হায়! যদি আটাইবোৰ বাপেকিয়েই তেনে হ’লহেঁতেন!
( ৩ )
এই দৰেই গ’ল বছৰচেৰেক। ললিতা আৰু হৰিচৰণ দুয়োৰে যৌৱন ভৰপুৰ, দুয়ো অবিবাহিত; দুয়ো