সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
আই উঠ ৷

মনত কেনে লাগিছিল তাক কাক ক’ম! কবলৈকো যে ভাষাৰ অভাব। হায়! এই অজান সালিকাটোৰ কি চেনেহ! কি ভাল পোৱা! মই যে পুত্ৰ হৈও ইমানখিনি কৰিব পৰা নাই! মোৰ যে ভয়তে ধাতু নোহোৱা হৈছে! মই সালিকাটে৷ আনিবলৈ বহুতো চেষ্টা কৰিলোঁ। কিন্তু তাক কোনোমতেই আনিব নোৱাৰিলোঁ। শেহত ভগ্ন-হৃদয়েৰে কান্দি কান্দি ঘৰলৈ উলটিলোঁ।


 পিচ দিনা পুৱা ম‍ই অলপমান চাউল আৰু পানী লৈ আকৌ মৰিশালিলৈ গ’লোঁ। কিন্তু তাক কোনো মতেই খুৱাব নোৱাৰিলোঁ। ঘৰলৈ আনিবলৈ কৰা চেষ্টাও বিফল হ’ল। সি মাথোন একেৰাহে মাতিবলৈ ধৰিলে⸺“আই উঠ, আই উঠ।”

 তৃতীয় দিনা তিলনিৰ কাৰ্য্য শেষ কৰি আকৌ মই সালিকাটো চাবলৈ গ’লোঁ। কিন্তু উঃ হু! সেই স্নেহৰ পুতলি, মোৰ সহোদৰ স্বৰূপ সালিকাৰ আৰু ধাতু নাই। সি মাতৃৰ লগলৈ গ’ল; তাৰ প্ৰাণহীন শৰীৰটোও আইৰ ভেটিৰ ওপৰতে পৰি আছে। মই হুৰাও-ৰাৱে কান্দিলোঁ। সেই দিনাহে যেন মোৰ ভাইৰ মৃত্যু হ’ল। মই তাক মাতৃৰ লগতে ভালকৈ শুৱাই থলোঁ। তেতিয়াও মোৰ কাণত বাজি উঠিছিল⸺“আই উঠ, আই উঠ।”