সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
আই উঠ ৷


 এই বুলি আয়ে মোক চুমা খাই বুকত সুমুৱাই ল’লে। আহা! এয়ে স্বৰ্গ, এয়ে শান্তি, এয়ে মোক্ষ!

(8)

 আইৰ ইচ্ছামতেই কাৰ্য্য হ’ল। মাতৃ-পূজাত আৰু এজন মোৰ লগৰীয়া পালোঁ। মাতৃ-স্নেহ এতিয়া তিনি জনৰ ভিতৰত ভাগ কৰিব লগা হল। মনৰ আনন্দেৰে আমি আটাইকেইটি প্ৰাণী দৰিদ্ৰতাৰ মাজে দিও সুখেৰে কাল কটাবলৈ ধৰিলোঁ। সালিকাটোৱে ইয়াৰ ভিতৰতে বৌ দেউ বুলি আৰু একেষাৰ মাত শিকিলে। সি সঁচাকৈয়ে মোৰ কোনোবা কালৰ ভাই আছিল। সম্ভবতঃ আমাৰ দুখ দেখি ভাইটোৱেই সালিকা হৈ আহি তাৰ বিয়োগ-দুখ দূৰ কৰিছিল।

(৫)

 এদিন ৰাতিপুৱা গাটো বেয়া কৰিছে বুলি জাপ-জুপ লৈ আই পাটীত পৰিল। মই হাত দি চাই দেখিলোঁ আইৰ ভয়ানক জ্বৰ। মোৰ প্ৰাণ কঁপি উঠিল; ওচৰতে বহি শুশ্ৰূষা কৰিবলৈ ধৰিলোঁ। সালিকাটোৱে ঘনে ঘনে চিঞৰিবলৈ ধৰিলে, আই উঠ, আই উঠ। কিন্তু আইৰ জ্বৰ ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে। গোটেই দিনটোত এখন্তকো জ্বৰে শাম নাকাটিলে। লাহে লাহে সন্ধ্যা হ’ল; আন্ধাৰে জগতক ঢাকি পেলালে; কিন্তু আইৰ জ্বৰ অলপো নকমিল। গোটেই