সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাতসৰী

শুনচোন; তই দেখিছই নহয় কলিকলীয়া মানুহৰ কেনেকুৱা খেন-বেন শৰীৰ। মই বুঢ়ী নো আৰু কেইদিন জীম! কালিলৈকে যদি চকু মুদোঁ, তেনেহলে ঘৰখন ৰখিবলৈকে কোনো নাথাকিব নহয় সেই দেখি মই ভাবিছোঁ, ম‍ই জীয়াই থাকোঁতেই যেনে-তেনে তোৰ ঘৰখন পাতি যাব পাৰিলে হয়।”

 শুনি মোৰ কেনেবা লাগিল। মাতৃৰ অভাবত যে এতিয়াৰ এই স্বৰ্গতুল্যা পৃথিবী মৰিশালি হ’ব! ম‍ই বিয়া কৰাই এজনা সঙ্গিনী লাভ কৰিলেও সেই মাতৃস্নেহ আৰু নাপাওঁ। মাতৃৰো আকৌ মৃত্যু হয়! —— মোক শোকে খুন্দা মাৰি ধৰিলে; জৰ জৰ কৰে চকু-লো ববলৈ লাগিল। মাতৃ-স্নেহ অমৃতৰ পৰা বঞ্চিত হবলৈ কাৰ সত যাব!

 মই কান্দি কান্দি কলোঁ“—আই, তোমাৰ যি ইচ্ছা তাকে কৰাঁ; কিন্তু এনে হিয়া-ভগা কথা আৰু দুনাই নকবা। তোমাৰ অবিহনে মোৰ সংসাৰত থকাৰ লাভ কি আই?”

 আয়ে কলে,—“বোপাই, তই কেলেই তেনে কথা কৱ? মোৰ জানো তোক এৰি যাবলৈ সত যায়! পিচে ঈশ্বৰৰ নিয়ম; এদিন উপজিলে এদিন মৰিবই লাগিব; আমি তাক কেনেকৈ ভাঙ্গিম! সেই দেখিহে তেনেকৈ কৈছোঁ। গোঁসাইয়ে মোৰ সোণাইক মূৰৰ চুলিৰ সমান আয়ুস দিয়ক।”