আইৰ সেই পাৰ্থিব স্বৰ্গস্বৰূপ কোলাৰ আশ্ৰয়ে মোৰ যন্ত্ৰণা লঘু কৰে, দেহৰ পোৰণি নিমিষতে শীতল হয়। যাৰ মাতৃ আছে, তাৰ অভাব কিহৰ? মোক একো নালাগে; একমাত্ৰ স্নেহময়ী জননীৰ বুকত মুখ লুকুৱাই সকলো জ্বালা যন্ত্ৰণা পাহৰি জীৱন নিয়াব পাৰিলেই মোৰ ইচ্ছাপূৰ্ণ হয়।
(২)
আয়ে এটা সালিকা পুহিছিল। মই যেতিয়া কোনো কাৰ্য্যত বাহিৰলৈ যাব লগা হয়, আয়ে তেতিয়া তাকে কোলাত লৈ চুমা খাই গাত হাত বুলাই মোৰ অনুপস্থিতি পাহৰি যায়। সিও আইৰ লগ নেৰে। মুঠতে সিয়েই এতিয়া মোৰ মৃত ভ্ৰাতাৰ স্থান অধিকাৰ কৰিছে। সালিকাটোৱে দুটা মাথোন কথা শিকিছে। এটা—আই উঠ; আৰু ইটো ককাইদেউ। দিনৰ ভিতৰত আইক এখন্তক পাটীত পৰা দেখিলেই সি মাতিবলৈ ধৰে, আই উঠ, আই উঠ। যেতিয়া মই কামৰ পৰা ঘূৰি আহোঁ, উৰি গৈ পদূলিতে মোৰ লগ ধৰে, আৰু মোৰ গাত পৰি ককাইদেউ ককাইদেউকৈ চিঞৰি দিয়ে। মই আগ্ৰহেৰে তুলি লৈ তাক মৰম কৰোঁ। মোৰ ভাইটো জীয়াই থকা হলেও মই তাতকৈ বেচি ভাল পাব নোৱাৰিলোঁহেঁতেন।
(৩)
এদিন আয়ে জুহাল-গুৰিত বহি থাকোঁতে মোক মাতি কলে——“অ’ বোপাই সোণাৰাম, মোৰ কথা এটা