সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
সাতসৰী

কমলৰ মত নথকাৰ কথাও বহুতে জানে; সেই দেখি বিবাহৰ আয়োজনেই তেওঁৰ নিৰুদ্দেশ বা মৃত্যুৰ মূল বুলিও কোনোৱে কোনোৱে বিশ্বাস কৰিলে। কমল নোলাল; কৃষ্ণকান্ত আৰু তেওঁৰ পত্নীয়ে ইনাই-বিনাই কান্দিলে, ভাবিলে কিয় তেওঁলোকে কন্যাৰ মতৰ বিৰুদ্ধে এই বিবাহ স্থিৰ কৰিছিল। তেওঁলোকেই যে কমলৰ মৃত্যুৰ কাৰণ হ’ল। কিন্তু কি হ’ব! এতিয়া আৰু তেওঁলোকৰ কান্দোন-কাটোনে একো গুণ দিব নোৱাৰে। “গতস্য শোচনা নাস্তি।”

 ৰবিৰ দুখৰ সীমা নাই। চকু-লোৰে দুয়ো গাল তিতি গৈছে। হায়! যি কমলৰ সুখতেই তেওঁ সুখ পাবলৈ শিকিছিল, যাক পৰৰ হাততে সঁপিও একমাত্ৰ আন্তৰিক প্ৰীতি পুষ্প উপহাৰৰ দ্বাৰাই সুখী হব পাৰিব বুলি ভাবিছিল, সেই কমল যে চিৰকালৰ নিমিত্তে হাততে হেৰাল! তেৱেঁইতো এই বিপদৰ মূল, তেওঁৰ চেনেহতেই, তেওঁৰ প্ৰেমতেই তো কমলে এনে দুঃসাহসিক কাৰ্য্য কৰিছে। এতিয়া ৰবিয়ে বুজিলে, কিয় কমলে তেওঁৰ ভালপোৱাৰ পাত্ৰীৰ কথা সিমান বেচিকৈ সুধিছিল; কিয় তেওঁৰ ওচৰত তেনে ভাবে বিদায় লৈছিল। কিন্তু সকলোৱে বিশ্বাস কৰিলেও, কমলে আত্মহত্যা কৰিছে বুলি ৰবিয়ে সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰিলে। কমলে কিয় বিদায় লওঁতে, “এয়ে শেষ দেখা” বুলি