প্ৰতি দুয়োৰে৷ ভালপোৱা আগৰ দৰেই খৰ-প্ৰবাহিণী। তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ সেই দুটি জীৱনসুতি এটিত পৰিণত কৰি সাংসাৰিক কৰ্ত্তব্য সাধি, অন্তিম সিন্ধুত মাৰ গৈ চিৰ-মিলন-সুধা পান কৰে। কিন্তু সি লীলাময় বিধাতাৰ ইচ্ছা।
(৫)
এদিন ৰবিনাথ অকলৈ বহি কিবা কিতাপ এখন পঢ়ি আছে, এনেতে এখন চিঠি আহি তেওঁৰ হাতত পৰিল। তেওঁ চিঠিখন মেলি চাই দেখিলে বিয়াৰ নিমন্ত্ৰণ চিঠি। কাৰ বিয়া? কমলৰ! হঠাৎ ৰবিৰ মুখ শুকাই গ'ল; শিৰে শিৰে বিষাক্ত ধুমুহা ববলৈ ধৰিলে; বতাহত লৰা কল গছৰ দৰে গোটেই শৰীৰ কঁপি উঠিল। কমলৰ বিয়া! তেওঁ হেপাহ চকুৰে মানসী প্ৰতিমাখনি চাই থাকোঁতে থাকোঁতেই আনৰ লগত তেওঁৰ বিয়াৰ বাতৰি! উঃ! কি দাৰুণ বজ্ৰপাত! ৰবিয়ে এতিয়া কি কৰিব! বিয়ালৈ যাব নে নাযাব!
বহুত বেলি ভাবি চিন্তি তেওঁ বিয়ালৈ যাবলৈ ঠিক কৰিলে। মনে মনে ক'লে, “বিধাতাৰ ইচ্ছাত আমাৰ আশা পূৰ নহ'ল। সেই বুলিয়েই মোৰ বাল্য- বন্ধুৰ বিবাহত যোগ নিদিম কিয়? আমাৰ প্ৰেমৰ পৰি- নাম যদিও আশানুৰূপ নহ'লগৈ, তথাপি সেই বাল্য প্ৰেমৰ স্মৃতি আঁতৰিবলৈ দিম কিয়? সেই পুৰণি অথচ