কমল।—ৰবি, ইয়াৰ পৰা কেতিয়াকৈ যাবা তুমি?
ৰবি।—আৰু এসপ্তাহমানৰ পিচত, কমল!
কমলেশ্বৰীৰ চকু ঢুলঢুলীয়া হ'ল। চকুত হাত দি তল-মূৰ কৰিলে। ৰবিনাথে ক'লে— “কমল, বলা এতিয়া যাওঁ, পণ্ডিত আহিবৰ সময় হৈছে।”
তাৰ পাচত দুয়ো ধীৰে ধীৰে ফুলনিৰ পৰা ওলাই আহিল।
( ২ )
ৰবিনাথ দেৱনাথ ৰৰুৱাৰ পুত্ৰ আৰু কমলেশ্বৰী কৃষ্ণকান্ত হাজৰিকাৰ কন্যা! এওঁলোকৰ দুয়ো পৰিয়ালৰ ভিতৰত ইমান মিলাপ্ৰীতি আৰু থকা ঘৰ ইমান ওচৰা- উচৰি যে নজন৷ মানুহে দুয়ো ঘৰৰ পাৰ্থক্য অনুভব কৰিব নোৱাৰে। দুয়ো ঘৰৰ গৰাকী বিষয়া আৰু ধনী মানুহ। ৰবি আৰু কমলক একেজন ঘৰুৱা শিক্ষকেই পঢ়ায়৷ সৰুৰে পৰা একে লগে ধেমালি কৰি ডাঙ্গৰ হওঁতে, একে ঘৰতে একেজন শিক্ষকৰ তলতে লিখা-পঢ়া শিকোঁতে ৰবি আৰু কমলৰ মন উভয়ৰ প্ৰতি এনেকৈ ঢাল ল'লে যে এই লৰা ছোৱালী দুটিৰ মধুৰ প্ৰেমৰ দৃশ্য দেখি ভোল যাব লগা হয়।
পঢ়া ঘৰটোৰ পিচ ফালে এখন ফুলনি। তেওঁলোক সন্ধ্যা সময়ত ফুলনিত সোমাই ৰং ধেমালি কৰে আৰু শিক্ষক অহাৰ আগেয়ে পঢ়া ঠাইত উপস্থিত হয়। ফুলনিৰ