সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
সধবা নে বিধবা নে কুমাৰী


কৰাম, আপোনালোকে পতিতা বুলি ঘিণ কৰালৈ ম‍ই ভয় নকৰোঁ। এয়ে মোৰ জীৱনৰ কাহিনী। মোৰ লগত হোমৰ ওচৰত বহুওৱ৷ বুঢ়াজন মৰিল নে আছে ম‍ই কব নোৱাৰোঁ৷ সেই দেখি আপোনালোকৰ হিচাপত ম‍ই সধবা নাইবা বিধবা হবই লাগিব। ম‍ই কিন্তু নিজে সেই কথা স্বী- কাৰ নকৰোঁ, মই জানো ম‍ই এতিয়াও কুমাৰী হৈয়েই আছো। অপোনাৰ এতিয়া যেনে ইচ্ছা তেনেকৈ ধৰি ল'ব পাৰে।”

 কথা শেষ হ'ল। প্ৰতিমাই মোৰ ওচৰত বিদায় লৈ ঘৰলৈ গ'ল। মোৰ কাণত কিন্তু কথাখিনি বাজিবলৈ ধৰিলে। যদিও প্ৰতিমাৰ দুখত মোৰ অন্তৰ ব্যাকুল হৈ উঠিছিল, তথাপি কথাখিনি শুনি ভাল লাগিল। ৰাতি শোওঁতেও মই সেই কথাখিনিকে ভাবিবলৈ ধৰিলোঁ। ঘনে ঘনে প্ৰশ্ন উঠিল, – “প্ৰতিমা কি? সধবা নে বিধবা নে কুমাৰী?”


এটি চুমা।
(১)

 বসন্তৰ প্ৰীতি উপহাৰ মোহন সাজ পিন্ধি, পৃথিবী ৰসিকা বিলাসিনীৰ দৰে হাঁহিমুৱা। গাত নতুন সাজ,