চেষ্টাই অলপ নহয় অলপ কাম নকৰি নাথাকে। মই প্ৰতিমাৰ কাৰ্য্য দেখি নথৈ সুখী হলোঁ আৰু তাত তেওঁক উৎসাহ দি পৰাপক্ষত সাহায্য কৰিবলৈকো প্ৰতিশ্ৰুত হলোঁ। কিয়নো, মোৰ বিশ্বাস—— তিৰুতাৰ বিষয়ে ভাবিবলৈ তিৰুতাৰেইহে বেচি অধিকাৰ আছে।
লাহে লাহে প্ৰতিমাৰ লগত মোৰ ঘনিষ্ঠতা বেচি হৈ আহিবলৈ ধৰিলে। প্ৰতিমাই মোক এতিয়া ককাইদেউ বুলি মাতে আৰু মোৰ আগত কোনো কথা কবলৈ সঙ্কোচ নকৰে! আন কি, কেতিয়াবা ঠেহ পাতিও বহে। মুঠতে ককাইদেৱাকৰ পৰা কেনেকৈ আদৰ-সাদৰ আদায় কৰিব লাগে, তাক প্ৰতিমাই ভালকৈ জানে। সেই কাৰণে মই তাইক আৰু ভাল পাওঁ মৰম কৰোঁ। এদিন মোৰ এটা কথা সুধিবৰ মন গ’ল। মই আৰ তাৰ মুখে শুনিবলৈ পাইছিলোঁ প্ৰতিমা হেনো বিধৱা, কিন্তু কথাটো কিমান সঁচা বুজিব নোৱাৰিলোঁ। তাতে শুনা কথা সকলোবিলাক বিনা-প্ৰমাণে বিশ্বাস কৰা মোৰ স্বভাব নহয়; সেই দেখি এদিন প্ৰতিমাকেই তাৰ সত্যাসত্যৰ বিষয়ে সুধিলোঁ। মোৰ প্ৰশ্নত প্ৰতিমাৰ হাঁহিমুখ বিষণ্ণ দেখা গ’ল, চকু ঢুলঢুপীয়া হ’ল। অলপ বেলি নিতাল মাৰি থাকি প্ৰতিমাই গহীনাই ক’লে—“মই সধবা, বিধবা আৰু কুমাৰী।”