সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাতসৰী


তাৰে লগত কথা-বতৰাও পাতিব পাৰে, সভা-সমিতিত যোগ দিয়ে আৰু ৰাজনীতি-সমাজনীতিৰ আলোচনাও কৰে। সেই দেখিয়েই মই প্ৰতিমাক ভাল পাওঁ ——প্ৰতিমাৰ ৰেহৰূপ চাওঁ!

(8)

 কেতিয়াবা কেতিয়াবা এটা মূৰৰ পৰা তাড়িৎ ওলাই আন এটা মূৰলৈ যায় নে নাযায় আৰু তেনেকৈয়ে এজনৰ মনোভাব আন এজনে জানিব পাৰে নে নোৱাৰে, সেইটো বৈজ্ঞানিক পণ্ডিতে স্থিৰ কৰিব। মই কিন্তু ক’ব পাৰোঁ যে, কেনেবাকৈ আমাৰ মনোভাব চলা ফিৰা কৰিছিল। মই প্ৰতিমাক যেনে ভাল পাইছিলোঁ, প্ৰতিমায়ো মোক তেনেকৈয়ে ভাল পাইছিল। কিবা এটা অজ্ঞাত শক্তিৰ বলত প্ৰতিমাই জানিব পাৰিছিল যে ময়েহে মাথোন তেওঁৰ কাৰ্য্যকলাপৰ পক্ষপাতী; আনবোৰে তেওঁৰ আদৰ্শক প্ৰশংসা কৰা দূৰৰ কথা, গধূলি চ’ৰা ঘৰত বহি তাৰ বিপক্ষেহে আলচ কৰে। প্ৰতিমা তেতিয়া মোৰ ওচৰ চাপিল। মানুহৰ অন্ধ-বিশ্বাস গুচাবলৈ, সমাজৰ সংস্কাৰ সাধন কৰিবলৈ, কি কৰা উচিত সেই বিষয়ে মোৰ লগত আলচ কৰিবলৈ আগ বাঢ়িল; স্ত্ৰী-শিক্ষাৰ প্ৰচলন আৰু তাৰ প্ৰধান অন্তৰায় বাল্য বিবাহ নিবাৰণৰ নিমিত্তে প্ৰতিমাৰ সদায় আগ্ৰহ। যদিও এইবোৰ কাৰ্য্যৰ সুফল সহজে লাভ কৰিব নোৱাৰি তথাপি নেৰানেপেৰা