সধবা নে বিধবা নে কুমাৰী।
প্ৰতিমা সৰুতে কেনে আছিল ক’ব নোৱাৰোঁ। কাৰ লগত উমলিছিল, ক’ত লেখা-পঢ়া শিকিছিল, কাক ভাল পাইছিল, তাৰো একো খবৰ পোৱা নাই ৷ আদৰ মালতীৰ দৰে ছূলেই জয় পৰা আছিল, নে গোলাপ কলিটিৰ দৰে সদায় হাঁহিমুৱা আছিল, তাকো কোনেও কোৱা নাই। এইবোৰ বিষয়ে মোৰ জানিবৰ উপায়ো নাছিল; কাৰণ প্ৰতিমাৰ লগত মোৰ চিনাকি নিচেই অলপদিনীয়া। যেতিয়া প্ৰতিমাক প্ৰথম দেখা পাওঁ, তেতিয়া দেখিছিলোঁ—তেওঁৰ মুখত মধুৰ হাঁহি, গালত গোলাপী আভা, দেহত উচ্ছসিত যৌৱন; শুনিছিলোঁ প্ৰতিমাৰ মনোহৰ বাক্যাৱলী, “হাৰ্ মোনিয়ামৰ” লগত মিলোৱা সুমধুৰ কোমল কণ্ঠস্বৰ, ভাবিছিলোঁ কিবাকিবি কল্পনাৰ সুখকৰ কথা, ⸺স্বপ্নৰ কাহিনী।
( ২ )
প্ৰতিমাৰ লগত প্ৰথম দেখাদেখিয়েই মোৰ শেষ দেখা নহয়, সি তাৰ পাতনিহে। সেই দিনাৰ পৰা দিনৌ অন্ততঃ একোবাৰ প্ৰতিমাৰ লগত মোৰ দেখা হয়—অৱশ্যে নিলগৰ পৰা। দিনে দিনে প্ৰতিমাৰ প্ৰতি মোৰ মন আকৃষ্ট হবলৈ ধৰিলে; ধৰাৰ কাৰণো আছিল।