সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাতসৰী

(৬)

 ৰঘুৰ কাৰ্য্য দেখি নন্দেশ্বৰে আচৰিত মানিলে। ৰাতি শোওঁতে তেওঁৰ টোপনি নাহিল, নানা-প্ৰকাৰ চিন্তা-ভাবনাই অন্তৰত তোলপাৰ লগাবলৈ ধৰিলে; তেওঁৰ আৰু ৰঘুৰ চৰিত্ৰ ৰিজাই চাই, তেওঁ নিজক ধিক্কাৰ দিবলৈ ধৰিলে। হায়! তেওঁ অকল টকাৰ কাৰণেই কত পাশব কাৰ্য্যত মন-প্ৰাণ উছৰ্গা কৰিছে! কত দুখীয়াৰ মুখৰ টোপ কাঢ়ি আনিছে! কত কুটনীতিৰ—কত ছল-চক্ৰান্তৰ আশ্ৰয় গ্ৰহণ কৰি, নিজক মানুহৰ শাৰীৰ পৰা তললৈ নমাইছে! অথচ তেওঁৰ একোৰে অভাব নাই। আন পক্ষে এটা সংসাৰত নিঃসম্বল ডেকাই অনায়াসে আঠ শ টকাৰ মায়া এৰি নিজৰ মান-সম্ভ্ৰম আৰু মনুষ্যত্ব ৰক্ষা কৰিলে।

 যিমানেই ভাবিবলৈ ধৰিলে সিমানেই নন্দেশ্বৰৰ মন ঘূৰি আহিবলৈ ধৰিলে; জীৱনৰ অতীত বুৰঞ্জী তেওঁৰ মনত পৈশাচিক লীলা বুলি বোধ হল, নিজক নিজে ঘিণাবলৈ ধৰিলে। ৰঘু-চৰিত্ৰৰ প্ৰবল আকৰ্ষণে তেওঁৰ আত্মাক চপাই নিলে; দিনে দিনে ৰঘুৰ প্ৰতি আপোন ভাব বাঢ়িবলৈ ধৰিলে। এটা কথা কিন্তু নন্দেশ্বৰে কেইবা দিনলৈকে স্থিৰ কৰিব পৰা নাছিল। তেওঁৰ টকা আছিল চন্দুকত, কিন্তু ৰঘুৰ কথা মতে তেওঁ সেই টকা মেজৰ ওপৰতহে পাইছিল। তেনেহলে