কি দেখিলে! দেখিলে,⸺সংসাৰৰ একমাত্ৰ আশ্ৰয় তেওঁৰ স্নেহময় পিতাৰ অন্তিম অৱস্থা। হায়! এয়ে নে ৰঘুৰ ললাটৰ লিখন!
দুৰ্ভগীয়া ৰঘুক সংসাৰত আশ্ৰয় শূন্য আৰু সম্বলবিহীন কৰি তেওঁৰ পিতৃয়ে চিৰকালৰ নিমিত্তে চকু মুদিলে। ৰঘুৱে শ্ৰদ্ধাদি কাৰ্য্য যথানিয়মে সমাধা কৰি সংসাৰৰ গুৰু ভাৰ কান্ধত ললে। কিন্তু হায়! এই ভাৰত যে চাৰি শ টকা ধাৰৰ বোজা এটাও আছে! যেই যদুনাথ মৰিল, টকাৰ গৰাকীয়ে দিনৌ ৰঘুক আমনি কৰিবলৈ ধৰিলে; কিন্তু তেওঁ দিয়ে ক’ৰ পৰা! তেওঁ যে কপৰ্দ্দক-হীন! তেওঁ নিৰুপায় হৈ উত্তমৰ্ণক কাকূতি-মিনতি কৰি ছবছৰমান বাট চাবলৈ ধৰিলে; কিন্তু দুখীয়াৰ প্ৰতি কোনে চকু মেলি চায়! তেওঁ সমূলি অপেক্ষা নকৰি আদালতৰ সাহায্যেৰে টকা ডিক্ৰী কৰালে। এতিয়া ৰঘুৰ মহা শঙ্কট উপস্থিত হ’ল। টকা দিব নোৱাৰিলে যে পৈত্ৰিক মাটি-ভেটিও যাব! তেওঁ ধনী মানুহৰ ঘৰে ঘৰে ধন বিচাৰি ফুৰিলে, কিন্তু ফলত অপমানৰ বাহিৰে আন একো নাপালে; ৰঘুৰ সজ চৰিত্ৰ, সজ গুণে একো কাম দিব নোৱাৰিলে। সেই দেখিহে দুখীয়া কবিয়ে দুখ আৰু অভিমানেৰে এদিন টানি কৈছিল,⸺“দাৰিদ্ৰ্যদোষো গুণৰাশিনাশী”।