সেই সময়ত যি ভাবে মনত তোলপাৰ লগাইছিল, সি অবৰ্ণনীয়। তেতিয়া অন্তৰৰ অপূৰ্ব্ব আবেগ আৰু বিদায়ৰ তপত চকুলো মিলি কি এটি অপূৰ্ব্ব সুখ-দুখৰ মিহলি ৰহণ সনা সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল! আজিও নৈশ নিস্তব্ধতাৰ মাজত সেই অশ্ৰুসিক্তনয়না মালতীৰ বিদায়কালৰ কৰুণ কণ্ঠস্বৰ কাণত বাজি উঠা শুনো! মালতীয়ে মূৰৰ সেই ভোমোৰা-কলীয়া চুলিতাৰীৰ পৰা একোছা চুলি কাটি লৈ, মোৰ হাতত দি ক’লে—“সূৰ্য্য, সূৰ্য্য, তুমি যোৱাঁ, কিন্তু যদি অভাগিনীলৈ মনত থাকে, তেন্তে এই—
মই,—কিয় এনে হিয়া-ভগা কথা কোৱা? তোমাক পাহৰাৰ আগেয়ে⸺
“সূৰ্য্য, সূৰ্য্য, ক্ষমা কৰাঁ”—এই বুলি তেওঁ মোৰ মুখত সোপা দি ধৰিলে; তেওঁৰ দুই চকু চকুলোৰে চল-চলীয়া হ’ল। মই অনেক প্ৰবোধ দি তেওঁৰ ওচৰত বিদায় লৈ অতি হেপাহেৰে চুলি কেইডাল বুকত সুমুৱাই লৈ শূন্য-প্ৰাণেৰে ঘৰলৈ উলটি আহিলোঁ আৰু পিচ দিনা কলিকতালৈ যাবলৈ জাহাজত উঠিলোঁ।
(৬)
কলিকতা পালোঁহি। নতুন ঠাইত নতুন উদ্দেশ্যত মনোযোগ দিব লগা হ’ল, সততে অপৰিচিত মানুহৰ লগত দিন কটাব লগাত পৰিলোঁ। এই দূৰৈ ঠাইতো—এই