সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী

বলাবলৈ ধৰিলোঁ আৰু লগে লগে মনোবিকাৰ ঘটি উঠিল। সেই নিঃস্বাৰ্থ ভালপোৱা কিবা স্বাৰ্থৰ ঢাকোনে ঢাকি পেলালে। মনৰ মাজত কিবা এটা বাসনাৰ ঢৌৱে খুন্দিয়াবলৈ ধৰিলে। সেই স্বৰ্গীয় পবিত্ৰতাৰ মাজত কিবা এটা পাৰ্থিব ভাব প্ৰবেশ কৰিলে। অন্তৰত কিবা এটা ভবিষ্যৎ আশাৰ পুলি গজি উঠিল আৰু ডাল-পাত ধৰি দিনে দিনে সি ডেওফেও কৰি বাঢ়ি আহিবলৈ ধৰিলে। লাহে লাহে সেই নিঃস্বাৰ্থ বাল্য-প্ৰেম যৌৱন-সুলভ প্ৰণয়ত পৰিণত হ’ল।

 এতিয়া আমাৰ বাল্য-লীলাৰ অন্ত পৰিল। লগে লগে দুয়োৰে মাজত দূৰত্বও বাঢ়ি আহিবলৈ ধৰিলে। এতিয়া মালতী আগৰ দৰে মুকলি-মূৰীয়া হৈ ফুৰাত প্ৰতিবন্ধক ঘটিল। তথাপি সময়মতে আমাৰ দেখা-সাক্ষাৎ‍, মনৰ আবেগৰ সালসলনি, অতৃপ্ত ভাবৰ দান-প্ৰতিদান তেতিয়াও চলিয়েই থাকিল। কিন্তু কিয় ক’ব নোৱাৰোঁ, তেতিয়া আগৰ দৰে নিঃসঙ্কোচে মুখৰ পৰা কথা নোলোৱা হ’ল; কথাৰ লগে লগে লাজৰ ৰাঙ্গলী আভাই গোটেই মুখমণ্ডল বোলাই পেলায়।

(৫)

 মই প্ৰবেশিকা পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ ওলালোঁ। যাবৰ আগদিনা আমাৰ দেখাদেখি হ’ল।