সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একোছা চুলি

আৰু দুয়ো সালসলনি কৰি পিন্ধি আনন্দত মতলীয়া হওঁ। আকৌ, কেতিয়াবা মই মনে মনে গছৰ আঁৰত লুকাই থাকোঁ, তেওঁ মোক নেদেখি ব্যাকুল হৈ বিচাৰিবলৈ ধৰিলে সাউৎ কৰে ওলাই আহি পিচফালৰ পৰা চকু জিপাই ধৰোঁ আৰু হাত-তালি দি হেপাহ পলুৱাই হাঁহি লওঁ। কেতিয়াবা কিবা কাৰণত ৰোহ পাতি মোক নমতা হলে, নাইবা চকু-লো টুকিলে, মই তেওঁৰ সুগোল বাহুটিত ধৰি বুকুত মুখখনি সুমুৱাই লৈ চকু-লো মচি দিওঁ, গাল মুখত হাত ফুৰাই কিচকিচ কৰে ক’লা চুলিতাৰ পিলিকি পিলিকি সান্ত্বনা দিবলৈ চেষ্টা কৰোঁ। মই কেতিয়াবা তেনে কৰিলে, তেৱোঁ সেই পালি ঔষধৰেই ব্যৱস্থা কৰে। আহা! সেই বাল্য-খেলা কেনে মধুৰ! কেনে পৱিত্ৰ! তাত বাসনাৰ সোঁত নবয়; ছলনাৰ চেঁকা নালাগে, স্বাৰ্থৰ বীৰত্ব নাখাটে; আগৰ পৰা গুৰিলৈকে নিঃস্বাৰ্থ স্বৰ্গীয় ভালপোৱা। সেই বাল্য-লীলাৰ কথা সুৱঁৰিলে এতিয়াও শিৰে শিৰে সেই পৱিত্ৰ ভাবৰ সোঁত ব’বলৈ ধৰে, এতিয়াও কল্পনাৰ সুখ-দৃশ্যই মন-প্ৰাণ নচুৱাই তোলে। ইচ্ছা হয়, যেন সেই বাল্য জীৱন আকৌ লাভ কৰিম! আকৌ যেন সেই স্বৰ্গীয় বাল্য বন্ধুৰ লগত নিৰ্দ্দোষ খেলা খেলিম!

(8)

 সময়ৰ সোঁতত আমাৰ জীৱন-নাও ভটীয়াবলৈ ধৰিলে। লাহে লাহে যৌৱনৰ ঢৌত উটি আমি টল-