সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী

গাত কেনে মনোহৰ সৌন্দৰ্য্যৰ জেউতি জিলিকি উঠে! কেনে অপূৰ্ব্ব স্বৰ্গীয় প্ৰভা বিকসিত হয়! সংসাৰৰ কুটিলতা নজনা, ছলনাৰ ছাঁট নপৰা, পবিত্ৰতাময় সেই কোমল মুখখনিত কি যে অমিয়া সনা আছে কব নোৱাৰোঁ; কিন্তু যেতিয়াই এবাৰ সেই মাধুৰীপূৰ্ণ মুখখনি চাওঁ, যেতিয়াই এবাৰ ওমলাৰ ছলেৰে তেওঁৰ তুলা যেন হাতটিত মোৰ কাঠ যেন হাতটো থওঁ, তেতিয়া অতি ক্লান্ত হৈ থাকিলেও, মোৰ গাটো চেঁচা পৰি অহা যেন লাগে, মোৰ উগ্ৰতা লাহে লাহে নম্ৰতাত পৰিণত হয়।

(৩)

 লাহে লাহে আমাৰ বন্ধুতা ইমান ডাঠ হ’ল, চেনেহৰ আকৰ্ষণ ইমান প্ৰৱল হৈ উঠিল যে, সিটিক নেদেখিলে এখন্তকো থাকিব নোৱৰা হলোঁ। উভয়ৰ মাজত কত নিৰ্দ্দোষ খেলা, কত স্বৰ্গীয় ভাৱে ঠাই ললেহি তাৰ সীমা সংখ্যা নাই। কেতিয়াবা দুয়ো গৈ আমাৰ ঘৰৰ পিচ ফালে থকা নৈৰ বালিত উমলি ফুৰোঁ, বালিৰে ঘৰ সাজোঁ আৰু পানীৰ তলত নাচি ফুৰা সৰু বৰ মাছবোৰ চাই চাই সিহঁতৰ গালৈ অকণি অকণি শিল গুটি দলিয়াই আনন্দ উপভোগ কৰোঁ। কেতিয়াবা ফুলনিত সোমাই, ফুল বুটলি একোঁচ একোঁচকৈ ভৰাই লৈ আহি চাকি আৰু মালা গাথোঁ