আহা, সেয়া কি কেৱল স্পৰ্শ, সেয়া কি কেৱল শুষ—বিক্ৰমৰ অনুভৱ হয় যে এই পৃথিৱীত যিমান মৰম আছে সেই সকলোবোৰ যেন মাকৰ স্নিগ্ধ কোমল হাতখনৰ পৰা নিগৰি নিগৰি তাৰ শৰীৰলৈ সোমাই গৈছে। জ্বৰৰ অসহ্য যন্ত্ৰণাৰ মাজতে সি এটা আশ্চৰ্য প্ৰশান্তি আৰু আনন্দ অনুভৱ কৰে। সি ৰোগশয্যাত পৰি থকা দিনকেইটাত যে মাকে বিক্ৰমৰ দেউতাক, ভায়েক-ভনীয়েক আৰু সমস্ত জগত-সংসাৰলৈ পিঠি দি কেৱল তাকেই লৈ ব্যস্ত হৈ থাকে, সেই কথাটোৱেও বিক্ৰমক এটা বিশেষ আনন্দ দিয়ে। বিক্ৰমৰ আকৌ নিশ্চয় কেতিয়াবা জ্বৰ বা আন বেমাৰ হ’ব—সি উজাগৰে থাকি ভাবিবলৈ ধৰিলে—কিন্তু তেতিয়াতে অশ্ৰুসজল দৃষ্টিৰে তাৰ কাষত বহি থাকিবলৈ এই পৃথিৱীত তাৰ মাক নাথাকিব? সি এই পৃথিৱীত আৰু বহুদিন থাকিব, কিন্তু সি আৰু কেতিয়াও শুনিবলৈ নাপাব মাকৰ মৌ-সনা মাত, কেতিয়াও তাৰ নাকত নালাগিবহি মাকৰ গাৰ চিৰ-পৰিচিত গোন্ধটো, কেতিয়াও সি দেখিবলৈ নাপাব সন্ধ্যাৰ আকাশৰ তৰাৰ নিচিনা মাকৰ স্নেহ-কোমল দৃষ্টি? ভয়ঙ্কৰ যন্ত্ৰণাত ৰিক্ৰমে ভালকৈ উশাহ-নিশাহ ল’ব নোৱৰা হৈ পৰিল। বিছনাৰ পৰা উঠি মাকৰ ওচৰলৈ দৌৰি যাবলৈ তাৰ মন গল। সি এতিয়াই গৈ গাৰ জোৰেৰে মাকক সাৱতি ধৰিব। কাৰ সাধ্য আছে তাৰ বাহু-বন্ধনৰ পৰা মাকক আজুৰি নিৰ পাৰে? হঠাৎ তাৰ ভনীয়েকৰ মৃত্যু-দৃশ্য মনত পৰিল। ৰত্ন দদাইদেউহঁতে মাকৰ বুকুৰ মাজৰ পৰা ভনীয়েকক টানি আজুৰি নি নৈ-পাৰৰ মৰিশালিত পুতি পেলালেগৈ। সি যিমানেই জোৰেৰে সাৱতি নধৰক কিয়, মানুহে তাৰ মাককে নিশ্চয় তাৰ বুকুৰ মাজৰ পৰা ঠিক তেনেকৈ টানি আজুৰি লৈ যাব, আৰু তাৰ পিছত.•••••তাৰ পিছত••••••এটা শব্দহীন ভয়ংকৰ কান্দোন বিক্ৰমৰ ডিঙিলৈকে উজাই আহিল •আৰু তাৰ পিছত তাৰ প্ৰেমময়ী মাকক মানুহবোৰে নৈ-পাৰৰ মৰিশাসিত পুৰি ছাই কৰি পেলাব! মৃত্যু! বিক্ৰম মৃত্যুৰ মুখামুখি হ’ল। দেউতাকৰ বুকুৰ মাজত সি ৯)
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৯
অৱয়ব