সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যেতিয়া টোপনিত নিপালি দিয়ে। তেতিয়া আৰম্ভ হয় বিক্ৰমৰ নিঃসঙ্গ নক-যাত্ৰা। বিক্ৰমৰ বাৰ বছৰীয়া সৰল মনটোৱে সম্পূৰ্ণভাৱে বিশ্বাস কৰি লৈছে যে গণকৰ গণনা কেতিয়াও মিছা হ’ব নোৱাৰে; যদি মিছা হ'লহেতেন তেন্তে মানুহে কেতিয়াও সেঁৱৰণী নকৰালেহেতেন। ডাঙৰ হ’বৰ পৰা সি এই কথাও দেখিছে যে তাৰ দেউতাকে প্ৰতিবছৰে গৰু-বিহুৰ দিনা ল'ৰা-ছোৱালী কেইটাৰ সেঁৱৰণী কেইখন লৈ কোনোবা এজন গণকৰ ওচৰলৈ যায় আৰু গোটেই বছৰটোৰ কাৰণে ল'ৰা-ছোৱালী কেইটাৰ ভাগ্য জানি আহে। দেউতাকে যি কথাত ইমান বিশ্বাস কৰে সেই কথা কেতিয়াও মিছা হবই নোৱাৰে। তেন্তে অহা দুবছৰৰ ভিতৰত যি কোনো এদিন - আনকি কাইলৈকো —মাকৰ মৃত্যু নিশ্চিত? এই পৃথিৱীত বিক্ৰমৰ মাক নাই—অথচ পৃথিৱীখন আছে—এনে কথা বিক্ৰমে সপোনতে ভাবিব পাৰেনে? অৰ্থচ সেঁৱৰণীতত স্পষ্টকৈ লেখা আছে যে দেউতাকৰ পঞ্চাশ বছৰ পূব নৌ হওঁতেই বিক্ৰমৰ মাক মৰিবই। মাক নাথাকিলে সি কেনেকৈ জীয়াই থাকিব? বছৰত একোবাৰকৈ বিক্ৰমৰ মেলেৰিয়া জব হয়। জ্বৰ হলে 'তাসহ যন্ত্ৰণা হয়। বিশেষকৈ মূৰৰ বিষবোৰৰ কথা মনত পৰিলেই সুস্থ অৱস্থাত ভয়ত তাৰ বুকু কঁপি উঠে। কিন্তু আচৰিত কথা--জ্বৰ হলে তাৰ ভালো লাগে। জ্বৰটো আৰম্ভ হোৱাৰ লগে লগেই আহিব ধৰ। যন্ত্ৰণাৰ কথা ভাবি ভয় লগাৰ লগে লগে এটা মধুৰ অভিজ্ঞতাৰ আকৌ এবাৰ আস্বাদ লবলৈ পোৱাৰ আশাত সি এটা গোপন আনন্দও অনুভৱ কৰে। সি যেতিয়া জ্বৰত বিছনাৰ আশ্ৰয় লয়, মাকে বেছিভাগ সময়তে তাৰ ওচৰত বহি থাকি নানা প্ৰকাৰে তাৰ আলপৈচান ধৰি থাকে। সেই সময়ত মাকৰ মাতটো ইমান কৰুণ আৰু কোমল হয় যে শুনা মাত্ৰকতে বিক্ৰমে তাৰ জ্বৰ-তপ্ত দেহত শ্বেত চন্দনৰ স্নিগ্ধ প্ৰলেপ পৰা যেন অনুভৱ কৰে। আৰু মাকে যেতিয়া তাৰ কপালত হাত দিয়ে