কেতিয়াও শুনিবল নৈপাম? আমাৰ ঘৰলৈ উভটা দেৰি হোৱা দেখিলে তই গধূলিৰ আন্ধাৰত পদুলিত ঠিয় হৈ আমাৰ কাৰণে আৰু কেতিয়াও ব্যাকুল হৈ বাট চাই নাথাকিবি? আৰু কেইদিনমানৰ পিছতে তয়ো ভনীজনীৰ নিচিনাকৈ নৈৰ পাৰৰ মাটিৰ তলত অকলে শুই থাকিবি? তেনেকৈ অকলে শুই থাকিবলৈ তোৰ বাৰু অকণো ভয় নালাগিবনে? আমালৈ মনত পৰি তোৰ বুকুখন বেজাৰত ভাগি নাযাবনে? চত ভজা মাছ কেইটা লুটিয়াই লুটিয়াই বিক্ৰমৰ মাকে হঠাৎ এবাৰ অনুভৱ কৰিলে যে বহুতপৰ যেন বিক্ৰমৰ একো সাৰ-সিকটি নাই। তেওঁ মূৰ তুলি চাই দেখে—বিক্ৰম নাই। কেতিয়া যে সি বাহিৰলৈ ওলাই গ'ল তেওঁ ক’বই নোৱাৰিলে। সি নিশ্চয় প্ৰস্ৰাব কৰিবলৈ গৈছে--তেওঁ মনে মনে ভাবিলে—তাৰ পিছত তেওঁ ডাঙৰ চাই কেইটামান ভজা মাছ পুতেকৰ কাৰণে সৰু কঁহী এখনত বাঢ়িবলৈ ধৰিলে। ৰাতি বিছনাত নপৰালৈকে গোটেই দিনটো বিক্ৰম পঢ়া-শুনা, খেল- ধেমালি আৰু নানা ঘৰুৱা কাম-কাজত ইমান ব্যস্ত হৈ থাকে যে মৃত্যুৰ বিষয়ে চিন্তা কৰিবলৈ সি তিলমাত্ৰ আহৰি নাপায়। কিন্তু ৰাতি বিছনাত পৰাৰ লগে লগেই যিটো চিন্তাই তাক প্ৰথমে গ্ৰাস কৰি ধৰে, সেইটো হ’ল মাকৰ মৃত্যুৰ চিন্তা। সি এতিয়াও দেউতাকৰ লগতে শুৱে। সি যে ডাঙৰ হৈছে সেই কথা প্ৰমাণ কৰিবলৈ সি বহুতৰ বেলেগ এখন বিছনাত অকলে শুবলৈ ইচ্ছা প্ৰকাশ কৰিছে, কিন্তু দেউতাকে দিয়া নাই। দেউতাকৰ লগত ইটো-সিটো কথা পাতি টোপনিৰ কোলাত ঢলি পৰাটো তাৰ অভ্যাস। কিন্তু দেউতাকৰ সোঁৱৰণীখন আৱিষ্কাৰ কৰাৰ দিন ধৰি সি বিছনাত পৰিয়েই টোপনিৰ ভাও জুৰে। দেউতাকেও পুতেকক দুবাৰমান মাতি মাত নাপাই শুই পৰে। ঘৰ-ঘৰোৱাহে
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৭
অৱয়ব