সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোনোবা এটা চলি থাকে দুয়োৰ নানা বাৰে-ভচহু মেল। এই অপৰূপ সময়খিনি মাক-পুতেক দুয়ো এনে গভীৰভাৱে উপভোগ কৰে যে দুয়ো মনে মনে এই সময়খিনিলৈ ব্যাকুল আগ্ৰহেৰে অপেক্ষা কৰি থাকে। মাকে দেউতাকৰ নিচিনাকৈ নানা জ্ঞান-বিজ্ঞানৰ কথা পাতিব নোৱাৰে। সকলে সময়তে সকলোৰে পৰা জ্ঞান-বিজ্ঞানৰ কথা শুনিবলৈ কাৰৰ নিশ্চয় ভালো লাগে। মাকে তাক কৈ শুনায় তেওঁৰ জীয়ৰী কালৰ কথা; তেওঁৰ জীয়ৰী কালৰ জগতখনৰ কথা; তেওঁৰ মাকে ৰন্ধা অমৃত-যেন কেইবিধমান আঞ্জাৰ কথা; ঘৰত নাৰ নথকাৰ কাৰণে বিক্ৰমৰ জন্মৰ আগতে কাষত কলহ লৈ নৈৰ পৰা পানী অনাৰ কথা বৰবাৰিষাত মানুহৰ চোতালতে জাকে জাকে পহু ওলোৱাৰ কথা; তেওঁৰ জীয়ৰী-কালৰ ‘সখীক আজি দহবছৰমান দেখিবলৈ নোপোৱাৰ দুখৰ কথা —ইত্যাদি। জীৱনৰ এই সৰু সৰু সুখ-দুখৰ কৰুণ-মধুৰ কাহিনীয়ে বিক্ৰমক এনেকৈ অভিভূত কৰে যে পাকঘৰত মাকৰ ওচৰত বহি থকা সময়খিনি জীৱনৰ আটাইতকৈ মধুৰ সময় যেন তাৰ অনুভৱ হয়। ভজা মাছৰ গোন্ধত পাকঘৰটো মকমকাই আছিল। আনদিনা হোৱা হলে মাৰল-ঘৰৰ পৰাই ভজা মাছৰ গোন্ধ পাই বিক্ৰমৰ জিভাৰ পানী নৈ বৈ গ'লহেতেন আৰু পাকঘৰত ভৰি দিয়েই সি কঁহী এখন আগবঢ়াই দি মাকক ক'লেহেতেন--‘আই, মাছ দে।' কিন্তু আজি ভজা মাছৰ গোন্ধটো তাৰ নাকতেই নালাগিল। মাকে বহিবলৈ কোৱা স্বত্বেও নবহি সি ঠিয় হৈ মাকৰ ফালে একেথিৰে চাই থাকিল। মাকৰ চকু আছিল চৰুৰ ওপৰত, গতিকে পুতেকৰ কাণ্ড-কাৰখানা তেওঁ দেখা পোৱা নাছিল। মাকৰ ফালে চাই থাকি বিক্ৰমে তাৰ কলিজাখন ফাটি তেজে-তুলি হোৱা যেন অনুভৱ কৰিলে আৰু সি আপোন মনে স্বগতোক্তি কৰিবলৈ ধৰিলে—“আই, তই নাজান নহয় যে আৰু মাত্ৰ দুবছৰৰ ভিতৰতে তই মৰি যাবি? তই নাজান নহয় যে আৰু কিছুদিন পিছতে তই আৰু এনেকৈ পাকৰত বহি বহি আমাৰ কাৰণে মাছ ভাজি নাথাকিবি? শুনিলেই হিয়া পমি যোৱা তোৰ মাতষাৰ আৰু আমি bro