সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্তব্ধ হৈ বহি সি দেউতাকৰ বয়সটো হিছাপ কৰিবলৈ ধৰিলে। দেউতাকৰ পঞ্চাশ বছৰ পূৰ হবলৈ আৰু পূৰা দুবছৰৰ নাই। তাৰ মানে আৰু মাত্ৰ দুবছৰৰ ভিতৰতে—আনকি মাত্ৰ এবছৰৰ ভিতৰতোৰ মাক মৰি যাব পাৰে। কিমান,সময় সি একেঠাইতে ঠেৰেঙা লাগি বহি আছিল বিক্ৰমৰ মনত নাই। দেউতাকৰ মাতটো আহি কাণত পৰাত টোপনিৰ পৰা খকমককৈ সাৰ পোৱা মানুহৰ দৰে সি নৃত্যুৰ জগতৰ পৰা ঘূৰি আহিল। সেঁৱৰণীখন আলোচনীখনৰ মাজত ভৰাই সি দৌৰ মাৰি কিতাপৰ আলমাৰিটোৰ ওচৰলৈ গৈ বেটৰ পেটাৰিটোত সেঁৱৰণীখন সোনোৱাই থলে। তাৰ পিছত সি ধীৰে ধীৰে পাকঘৰৰ ফালে খোজ ল'লে। কাৰণ সি জানে যে এই সময়ত মাক পাকঘৰৰ বাহিৰে আনা ক’তে থাকি নেৱািৰে। মাকে মাছ ভাজি আছিল। বিক্ৰমক দেখি তেওঁ ক'লে—“মই তোক মাতিম বুলি ভাবোতেই তই আহি পালি, বহ। গৰম গৰমে মাছ ভজা কেইটামান খা। সৰু হৈ থাকোতে বিক্ৰমে বিছনাত মাকৰ বুকুত মুখ গুজি তেওঁৰ লগত কথা-বাৰ্তা পাতিছিল : কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে স্বাভাবিকতেই সি সেই অভ্যাস এৰিব লগা হ'ল। লাহে লাহে সি দেখিলে বে দেউতাকৰ জিৰণি লোৱাৰ নিষ্টি সময় আৰু ঠাই আছে—ষি সময়ত আৰু যত সি দেউতাকৰ লগত কথা পাতিব পাৰে। কিন্তু মাকৰ জিৰণি লোৱাৰ কোনো নিৰ্দিষ্ট ঠাইয়ো নাই, সময়ো নাই। পুৱা বিছনা এৰিবৰ পৰা ৰাতি বিছনাত নপৰালৈক দিনৰ দিনটো তেওঁ টাকুৰি ঘূৰাদি ঘূৰিয়েই ফুৰে। এদিন সি হঠাৎ আৱিষ্কাৰ কৰিলে যে একমাত্ৰ ভাত ৰান্ধিবৰ সময়তেই মাকে অন্তত কিছু সময় একেঠাইতে বহি থাকে। সেইদিনাৰ পৰা সময় পালেই সি পাকঘৰত মাকৰ ওচৰত বহাৰ অভ্যাল কৰিলে। মাকে ভাত ৰান্ধি থাকে, সি শাক-পাচলি কাটি বা ইটো-সিটো বস্তু মাকৰ হাতলৈ আগবঢ়াই দি মাকক সহায় কৰি থাকে। লগে লগে ৮৭