সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিল। তাৰ বুকুখনে এনেকৈ ধান বানিবলৈ আৰম্ভ কৰিলে যে এইবাৰ সঁচাচিকৈয়ে তাৰ উশাহ বন্ধ হ’বৰ উপক্ৰম হল। চোলাৰ আগেৰে চকু দুটা মচি সি আকৌ সেঁৱৰণীখনৰ শেষৰ বাক্যটো পঢ়িবলৈ ধৰিলে ‘জাতকৰ পত্নী-ভাগ্য খুব ভাল। পত্নী অতি পৰিশ্ৰমী, মৃদুভাষী আৰু পতিতা হ’ব। জাতকে পত্নীৰ পৰা পৰম সুখ পাব। কিন্তু জাতক পঞ্চাশ বছৰ হোৱাৰ আগেয়েই তেওঁৰ পত্নীৰ অকালমৃত্যু হ’ব। বিক্ৰমে খুব ভালকৈয়ে জানে যে দেউতাকৰ পঞ্চাশ বছৰ হবলৈ আৰু বেছিদিন নাই, কাৰণ দেউতাকে কেতিয়াবা ধেমালিৰ ছলেৰে সিহঁতক কৈ থাকে যে প্ৰাচীন ভাৰতীয়সকলৰ নিচিনাকৈ তেওঁৱো পঞ্চাশবছৰ হোৱাৰ লগে লগে বানপ্ৰস্থী হ’ব। দেউতাকে ধেমালিতে ক’লেও বিক্ৰম- হঁতে কেতিয়াবা কথাটো বিশ্বাস কৰি পেলায়, আৰু তেতিয়া বেজাৰত সিহঁতৰ অকল অকণ আমঠুবোৰ ক'লা পৰি যায়। বিক্ৰমে ইতিমধ্যে দেউতাকক সুধি তেওঁৰ জন্মৰ চনটো জানি লৈছে। সেই কাৰণে চনবোৰ বাগৰাৰ লগে লগে সি দেউতাকৰ বয়সবোৰৰ হিছাপ কৰি গৈ থাকে। দেউতাকৰ বয়সত এটা নতুন বছৰ যোগ হোৱাৰ লগে লগে বিক্ৰমৰ কলিজাতে কোনেও কব নোৱাৰকৈ এডাল নতুন ক’লা ৰেখা পৰে, কাৰণ সি জানে যে পঞ্চাশ বছৰত দেউতাক বানপ্ৰস্থী হওক বা নহওক, বয়স এবছৰ বঢ়াৰ লগে লগে তেওঁ মৃত্যুৰ মুখলৈ আৰু এখোজ আগবাঢ়ি গ'ল। সি মাকৰ বয়স নাজানে। মাকে .নিজেও তেওঁৰ জন্মৰ চন-তাৰিখ নাজানে। কিন্তু বি মে এই কথা জানে যে মাক যিহেতু দেউতাকতকৈ কেবছৰে সৰু, এতেকে তাৰ অংকৰ নিয়মমতে মাকৰ মৃত্যুও হ’ব দেউতাকতকৈ কেবাবছৰৰ পিছত। অৰ্থাৎ মাকৰ মৃত্যুৰ বিষয়ে চিন্তা কৰি গোপন শোকৰ যন্ত্ৰণাত চেঙালুটি পাৰিবৰ সময় এতিয়াও অহা নাই। কিন্তু আজি আচম্বিতে আৱিষ্কাৰ কৰা দেউতাকৰ সোঁৱৰণীখনে তাৰ সকলো হিচাপ উলট-পালট কৰি দিলে। দৌৰ মাৰি মাকৰ ওচৰলৈ যাবলৈ বিক্ৰমৰ মন গ'ল। কিন্তু দৌৰ মৰা দূৰৰ কথা, বহাৰ পৰা উঠি ঠিয় হবলৈকে সি বল বিচাৰি নাপালে।