ল'ৰাবোৰে হাতে হাতে বকুল ফুলৰ মালা লৈ বেলি উঠাৰ লগে লগেই স্কুললৈ যায়। সেইদিনা স্কুলৰ পৰিবেশ অতি কৰুণ আৰু মধু। ল’ৰাহঁতৰ মনত এহাতে দীঘলীয়া বন্ধ পোৱাৰ কাৰণে বিপুল আনন্দ, আনহাতে লগৰীয়া ছাত্ৰবোৰ আৰু ‘চাৰসকলৰ পৰা দীঘলীয়া বিদায় ল'ব লগা হোৱাৰ কাৰণে কৰুণ বিষাদ। ফুলৰ গোন্ধত গোটেইখন স্কুল আমোলমোল। সেইদিনা পঢ়া-শুনা একো নহয়। শিক্ষকে হাজিৰা কৰাৰ পিছতেই ল’ৰাববাৰে নিজ নিজ শ্ৰেণীৰ শিক্ষকক ফুলৰ মালা পিন্ধাই নমস্কাৰ কৰে; শিক্ষকেও অশ্ৰু-ৰূদ্ধ কণ্ঠেৰে গৰমৰ বন্ধটো কেনেকৈ কটাব লাগে সেইবিষয়ে ল’ৰাবোক উপদেশ দিয়ে। এই হাঁহি- কান্দোন মিহলি দিনটোৰ কাৰণে ল'ৰাবোৰে কেইমাহৰ আগৰ পৰা ব্যাকুল হৈ অপেক্ষা কৰি থাকে। কিন্তু যিটো গৰম-বন্ধৰ কাৰণে ল’ৰাবোৰে ইমান হামৰাও কাঢ়ি থাকে, সেই বন্ধটোকেই পোন্ধৰ দিন মানব পিছতে সিহঁতৰ নেযায়-নুপুৱাই যেন লগা হয়। আকৌ কেতিয়া স্কুল খুলিব, আকৌ কেতিয়া মৰমৰ লগৰীয়াবোৰক লগ পাই প্ৰাণ খুলি মনৰ কথা পাতিব, পানীখোৱা ছুটীত ধেমালি কৰিবলৈ পাব, চাৰহঁতৰ চিৰপৰিচিত মুখবোৰ দেখিবলৈ পাব—এই চিন্তাই সিহঁতক অস্থিৰ কৰি তোলে। বিক্ৰমে ঠিক সেই মুহূৰ্তত তেনে এটা অস্থিৰতা অনুভৱ কৰিবলৈ ধৰিলে। মনে মনে এইবোৰ কথা ভাবি ভাবি কিতাপ চাই থাকোতেই এসময়ত তাৰ কিতাপ বিচৰা কাম শেষ হ’ল। লাইব্ৰেৰিলৈ দান দিব পৰা তাৰ নিজৰ ভাগৰ কিতাপ কেইখন উলিয়াই লৈ আলমাৰিটো বন্ধ কৰিব খোজোতেই হঠাৎ বেতৰ সৰু পেটাৰি এটালৈ তাৰ চকু গ’ল। পেটাৰিটো সি আগতেও বহুতদিন দেখিছে, কিন্তু সেইটো খুলি চাবলৈসি কেতিয়াও সাহস কৰা নাই। দেউতাকে তাক স্পষ্টভাৱে নকলেও সি নিজেই ধৰি লৈছে যে দেউতাকে তাক আলমাৰিটোৰ কিতাপবোৰ পঢ়িবলৈহে অধিকাৰ দিছে; কিতাপৰ বাহিৰে আন বস্তুত হাত দিয়াটো তাৰ পক্ষে ৮৩
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৯১
অৱয়ব