সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জমা কৰা হয়। ইয়াকেই কয় মুষ্টিভি। এই মুষ্টিভিক্ষাৰ ধনেৰেই বিপদ-আপদৰ সময়ত গাঁৱৰ মানুহক সহায় কৰা হয়। প্ৰয়োজন হলে আন গাঁৱৰ মানুহকো সহায় কৰা হয়। দিনে মাত্ৰ এমুঠিকৈহে চাউল দিক লাগে কাৰণে কাৰৰ গাতেই নালাগে; অথচ এনেকৈ অলপ অলপকৈ টকা জমা হৈ বছৰটোত বহুত টকা হয়গৈ। দুখীয়া মানুহে কেতিয়াবা বিয়া-সবাহ বা শ্ৰাদ্ধৰ কাৰণেও গাঁৱৰ মুষ্টিভিক্ষাৰ পুজিৰ পৰা টকা ধাৰ কৰে। যোগেন দদাইদেৱে এতিয়া এই মুষ্টিভিক্ষাৰ পুঁজিৰ পৰাই আমাৰ লাইব্ৰেৰিলৈ কেইটামান দিম বুলি কৈছে। মুষ্টিভিক্ষাৰ পুঁজিৰ পৰা কাক কিমান টকা দিয়া হ'ব সেই কথা গাঁৱৰ মুখীয়াল মানুহবোৰে গধুলি নাম-প্ৰসঙ্গৰ কাৰণে নামঘৰত বহোতে ঠিক কৰে। সেই কাৰণেই যোগেন দদাইদেৱে আজি গধুলি নামঘৰত কথাটো উলিয়াম বুলি কৈছে। বিক্ৰমৰ কথাবোৰ দুলালে মন্ত্ৰমুগ্ধ হৈ শুনি থাকিল। বিক্ৰমৰ কথা শেষ হোৱাৰ পাছত সি বহুসময় নীৰৱ হৈ ৰল। অৱশেষত সিত লগালে-বিক্ৰম, তোমাৰ কথাবোেৰ শুনি মোৰ এনেহে লাগিছে যেন তোমালোকৰ গাঁৱত এতিয়াও সত্যযুগ বিৰাজ কৰিছে। এনে এটা সুন্দৰ নিয়ম যদি আমাৰ দেশৰ গাঁৱে গাঁৱে থাকিলহেতেন, তেনেহলে সাধাৰণ মানুহৰ দুখ-কষ্ট বহুত কম হ'লহেতেন। তোমালোকৰ এই ঠাই- খনলৈ আহি মোৰ খুব ভাল লাগিছে বিক্ৰম। ইয়াৰ প্ৰকৃতি যিমান সুন্দৰ, মানুহবোৰৰ সিমান সুন্দৰ। দেউতা যদি ইয়াতে তিনিবছৰমান থাকে তেন্তে মোৰ খুব ভাল লাগিব। ইমানপৰ কথাৰ ৰাগিত মছগুল হৈ থকাৰ কাৰণে সিহঁতে কবই পৰা নাছিল যে আহাৰ মাহৰ বেলিটো ডাৱৰৰ বুকু ফালি খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহিছে আৰু সিহঁতৰ গাত ঘামবোৰ জোল ববলৈ ধৰিছে। মুখেৰে একো নকৈ বিক্ৰম হঠাৎ পানীত জাপ মাৰি পৰিল আৰু ডুব মাৰি পানীত অদৃশ্য হৈ পৰিল। কিছুপৰৰ মূৰত তাক দেখা গ'ল নৈৰ সোঁমাজত। পিছ মুহূৰ্ততে দুলালেও পানীত জাপ দিলে। বহুত সময় ধৰি সিহঁতে নীৰৱে সাতুৰি-নাদুৰি নৈখনৰ লগত খেলা কৰিবলৈ ধৰিলে। bo