চিন্তা কৰিব পৰা হৈছা। হৰগোবিন্দ বৰাৰ বিষয়ে মোতকৈ বহুত ভালকৈ ক'ব পৰা দুজন মনি মানুহ আমাৰ ইয়াত আছে। মই বাৰু সময়ত তোমালোকক কম।••••••তেন্তে আজিলৈ আমি ইমানতে সভা ভঙ্গ কৰোনে? বিক্ৰমে কলে—‘দদাইদেউ আপোনাৰ কিবা জৰুৰী কাম আছেনেকি? ‘কৈছাহেনে বাপুকণ’—যোগেন দদাইদেৱে হাঁহি এটা মাৰি ক'লে— ‘আমাৰ গাঁৱলীয়া খেতিয়ক মানুহৰ কামনো নাথাকে কেতিয়া? ইমান পৰেতো মই পখাৰত হাল বাই থাকিব লাগিছিল। পিছে আজি একাদশী বুলিহে মোক তোমালোকে ঘৰতে পালাহি। কিন্তু একাদশী হলেও গোটেই বেলাটোৰ কাৰণে কিন্তু ছুটী নাই দেই। মই এতিয়া পথাৰত আলি দিবলৈ যাব লাগিব। বিক্ৰমে ক’ল—‘দদাইদেউ, আৰু এটা মাত্ৰ কথা সুধিব খুজিছে।। আমি লাইব্ৰেৰিটো প্ৰথমতে আমাৰ কোনোবা এজনৰ ঘৰতে কৰিম বুলি ভাবিছে। কিন্তু সদায় মানুহৰ ঘৰত লাইব্ৰেৰিটো ৰখা ঠিক নহ’ব। কিতাপ নিবলৈ ল'ৰা অহা-যোৱা কৰোতে গিৰিহঁতে হয়তো কেতিয়াবা আমনি পাব। সেইকাৰণে লাইব্ৰেৰিৰ কাৰণে অতি সোনকালে আমি এটা সৰু ঘৰ সাজিব খোজো। নিজা ববীয়াকৈ ঘৰ হলে আমি প্ৰত্যেক দেওবাৰে তাত এখন আলোচনাসভা পাতিম। কিন্তু ঘৰ সাজিবলৈতে আমাক টকা লাগিব। তদুপৰি নতুন কিতাপ কিনিবলৈকো আমাক টকা লাগিব। নতুন নতুন কিতাপ কিনি নাথাকিলে লাইব্ৰেৰি কেনেকৈ চলিব? লাইব্ৰেৰিৰ নামটো আপুনি আমাক দিলে। এতিয়া টকা তোলাৰ বুদ্ধিটোও আপুনি আমাক দিব লাগিব। নহলে আমাৰ সৰু ল’ৰাজাকক কোনে টকা দিব? যোগেন দদাইদেৱে বহাৰ পৰা ঠিয় হৈ ক'লে—“হ'ব হ'ব চব হ'ৰ। একো চিন্তা নকৰিবা। মাৰ গাঁৱৰ মুষ্টিভিক্ষাৰ পুজিটো কোতে চিন্তা কিহৰ তোমালোকৰ কাম আৰম্ভ কৰিবলৈ মই সদ্যহতে তাৰে 10
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৮৪
অৱয়ব