বাপুকণে হৰগোবিন্দ বৰুৱাৰ নাম নিশ্চয় শুনিছা। অৱশ্যে তেওঁ মৰিবৰ সময়ত তুমি নিচেই সৰু আছিলা। আমাৰ এই সৰু ঠাইখনত যিমান- বোৰ জনহিতকৰ ভাল কাম হৈছে সেই আটাইবোৰৰে গুৰি ধৰিছিল হৰগোবিন্দ বৰুৱাই। এখন দেশক আগবঢ়াই নিবলৈ যেনেকৈ উপযুক্ত নেতা লাগে, এখন গাঁৱক আগবঢ়াই নিবলৈকো তেনেকৈ নেতা লাগে। আমাৰ তেনে এজন নেতা আছিল হৰগোবিন্দ বৰুৱা। দেশৰ ডাঙৰ ডাঙৰ নেতাৰ স্মৃতিৰক্ষা কৰিবলৈ বা তেওঁৰ গুণ-কীৰ্তন কৰিবলৈ মানুহৰ অভাৱ নাই, ধনৰ অভাৱ নাই। কিন্তু এখন সৰু গাঁৱৰ উন্নতিৰ হকে তিলে তিলে জীৱন আহুতি দিয়া সৰু মানুহৰ কথা কোনে মনত ৰাখিব -যদি সেই গাঁওখনৰ মানুহেই নাৰাখে? তেওঁ মানুহজন সৰু হ'ব পাৰে, তেওঁৰ কৰ্মক্ষেত্ৰ সৰু হ’ব পাৰে, কিন্তু সেইবুলি তেওঁৰ ত্যাগ আৰু সেৱা কাৰৰ তুলনাত সৰু নহয়। তোমালোকৰ লাইব্ৰেৰিটোৰ নাম হ'ব- ‘হবগগাবিন্দ লাইব্ৰেৰি। কি, পছন্দ নহলনেকি? যোগেন দদাইদেউৰ প্ৰশ্ন শুনি দুলাল আৰু বিক্ৰম দুয়ো চোৱা-চুই কৰিলে। সঁচা কথা ক'বলৈ গলে লাইব্ৰেৰিৰ নামটো যোগেন দদাইদেউৰ মুখৰ পৰা প্ৰথম ওলাবৰ সময়ত সিহঁত দুয়ো মনে মনে অলপ হতাশ হৈছিল। আলোচনীৰ গল্প-উপন্যাস পঢ়ি পুষ্ট হোৱা সিহঁতৰ কিশোৰ মনে ইয়াতকৈ বেলেগ ধৰণৰ নাম এটা আশা কৰিছিল। কিন্তু সিহঁতৰ সেই হতাশা বেছিপৰ স্থায়ী নহ'ল। নামটো ব্যাখ্যা কৰি যোগেন দদাইদেৱে কোৱা কথাখিনি শুনি সিহঁত ইমান মুগ্ধ হ’ল যে তেওঁৰ প্ৰশ্ন শুনা মাকতে দুয়ো প্ৰায় একেলগে চিঞৰি উঠিল ‘ নামটো আমাৰ খুব পছন্দ হৈছে দদাইদেউ। ইয়াতকৈ সুন্দৰ দ্বিতীয় এটা নাম হ’বই নোৱাৰে। দুলালে লগতে যোগ দিলে—“দদাইদেউ, যিদিনা আমাৰ লাইব্ৰেৰিৰ দুৱাৰ মুকলি কৰা হ’ব, সেইদিনা আমি এখন সভা পাতিম। আপুনি কিন্তু সেইদিনা হৰগোবিন্দ বৰুৱাৰ বিষয়ে এটা বক্তৃতা দিব লাগিব। যোগেন দদাইদেৱে দুলালৰ মুখৰ ফালে মুগ্ধ দৃষ্টিৰে চাই ক'লে— ‘বা দুলাল, তুমি ইমান কোমল বয়সতে ডাঙৰ মানুহৰ দৰে কথাবোৰ ৭৫
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৮৩
অৱয়ব