সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম কি যোগেন দদাইদেউ নহয়; ঘৰৰ সমুখৰ সুন্দৰ ফুলনিবাৰীখন, আটোম- টোকাৰি শাকনি-বাৰীখন আৰু এই শুচি-স্নিগ্ধ ঘৰটো—এই গোটেইবোৰ লৈহে যোগেন দদাইদেউ মানুহজন; এই সকলোবোৰেই তেওঁৰ ব্যক্তিত্ব প্ৰকাশ মাত্ৰ। যোগেন দদাইদেউৰ কথা শুনিবলৈ সি অধীৰ হৈ অপেক্ষা কৰিবলৈ ধৰিলে। “ওঁ, তুমিয়েই তেন্তে আমাৰ নতুন দাৰোগা বাবুৰ ল'ৰা। তোমাৰ? যোগেন দদাইদেৱে কোমল মবম-সনা মাতেৰে সুধিলে। ‘শ্ৰীদুলাল চন্দ্ৰ বৰা’—দুলালে ঠিয় হৈ উত্তৰ দিলে। ‘বহা, বহা। তুমি পঢ়া-শুনাত নিশ্চয় খুব চোকা ল’ৰা হ'ব লাগিব। তোমাৰ মুখখন দেখিয়েই মই ধৰিব পাৰিছে। মোৰ কথা সঁচানে বাপুকণ? বিক্ৰমে যোগেন দদাইদেউৰ কথা শেষ হওঁ-নৌহওঁতেই মাত লগাস্ত্ৰে -“এওঁ ভীষণ চোকা ল'ৰা দদাইদেউ। আমাৰ চাৰহঁতেও কৈছে যে আমাৰ স্কুলত ইমান চোকা ল'ৰা ইয়াৰ আগতে তেওঁলোকে কেতিয়াও লগ পোৱা নাছিল। আৰু দদাইদেউ এওঁযে কেৱল পঢ়াতহে চোকা তেনে নহয়; বাহিৰা কিতাপ-পত্ৰও এওঁ ঢেৰ পঢ়িছে। এওঁৰ নিজৰেই এটা ডাঙৰ লাইব্ৰেৰি আছে। দদাইদেউ, দুলালে কবিতাও লিখে। খুব ভাল কবিতা, মই পঢ়ি চাইছে। এদিন মই আপোনাক দেখুৱাম। বন্ধুৰ গুণ গাবলৈ পাই বিক্ৰমৰ গা সাতখন-আঁঠখন যেন লগা হ'ল। ইফালে মুখৰ আগতে এনে প্ৰশংসা শুনি দুলালৰ লাজত ৰঙা-চঙা পৰি মুচকচ যাব লগা অৱস্থা। বিক্ৰমৰ কথা শেষ হোৱাৰ পিছত যোগেন লাইদেৱে মাত লগালে - “ওঁ এতিয়াহে বুজিলো দুয়ো ইমান কিয় বন্ধু। পিছে কোৱাচোন—দুই কবি-বন্ধু ৰাতিপুৱাই মোৰ ওচৰলৈ কি মন কৰি আহিলা? এনেতে যোগেন দদাইদেউৰ ভাই-বোৱাৰীয়েক কোঠাটোলৈ সোমাই আহিল। তেওঁৰ হাতত এখন ডাঙৰ কঁহৰ কাঁহীৰ ওপৰত দুটি গৰম ৭•