সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিক্ৰমৰ মাত শুনি যোগেন দাইদেৱে মূৰ তুলি চাই ক'লে-“আৰে, তোমালোক দেখোন গোহালিলৈকে আহিলা। বলা বলা, ঘৰলৈ বলা; এয়া চোৱা, মোৰ গোবৰ পেলাই শেষ হ’বৰে হ’ল।•••••• ••এওঁক দেখেন আগতে ক’ততা দেখা নাই হবলা? আমাৰ গাঁৱৰ ল’ৰা নহয় যেন পাইছে। ‘এওঁ মোৰ বন্ধু, দুলাল। থানাৰ দাৰোগাৰ পুতেক। আমাৰ ইয়ালৈ বদলি হৈ অহা বেছি দিন হোৱা নাই। ‘তাকে কোৱা—শেষ চপৰা গোব গোহালিৰ কাষৰ খালটোত পেলাই যোগেন দদাইদেৱে ক'লে—গাঁৱৰ ল’ৰা হলেনো মই চিনি নাপালেহেতেননে? পিছে তুমি কেনেকুৱা ল'ৰাহে বাপুকণ? ডাৰোগাৰ ল’ৰা আমাৰ ঘৰলৈ প্ৰথম বাৰৰ কাৰণে আহিছে, আৰু তুমি তেওঁক লৈ আহিছা গোহালি ঘৰলৈ। বলা বলা, ঘৰত বহাগৈ। মই হাত-ভৰি ধুই এইমাত্ৰ আহিছে। যোগেন দদাইদেউ ঘূৰি আহে মানে দুলালৰ বিক্ৰমক সুধিবলৈ মন গৈছিল ‘গোবৰত লেটি লৈ থকা আধা-নঙঠা এইজনন কেনেকুৱা কবিহে? কিন্তু যোগেন দদাইদেউৰ চ'ৰাঘৰলৈ আগবাঢ়োতে খৰিকাজাই আৰু তগৰ ফুলৰ গোন্ধ আহি দুলালৰ নাকত লাগিল। যোগেন দদাই- দেউক নেদেখালৈকে আন কোনো ফালে চাবলৈ দুলালৰ আহৰি নাছিল। কিন্তু আচল কৌতূহলটো মাৰ যোৱাৰ পিছত সি এতিয়া চাৰিওফালে চকু ফুৰাই চাই বিস্ময় আৰু আনন্দত মুগ্ধ হৈ পৰিল। পদুলি মুখৰ পৰা ঘৰলৈ সোমাই যোৱা দীঘল বাটটোৰ সে-কাষে শানি-বাৰী, বাওঁ-কাষে ফুলনি-বাৰী। দুয়োখন বাৰীৰ প্ৰতিজোপা গছেই সাক্ষী দিয়ে যে ঘৰৰ গিৰিহঁতৰ সীমাহীন মৰম-চেনেহৰ মাজত সিহঁত ডাঙৰ-দীঘল হৈছে। ফুলনিবাৰীখনত গোলাপ, তগৰ, মালতী, খৰিকাজাই, স্থলপদ্ম, জবা আদি নানা তৰহৰ ফুলৰ গছ। ৰাতি বৰষুণ দিছিল; তগৰ আৰু খৰিকা- এই ফুলবোৰ এতিয়াও বৰষুণৰ পানীত জুৰুলি-জুপুৰি হৈ আছে। বতাহে সিহঁৰ আৰ্জ সুগন্ধ দুলাল নাকলৈ কঢ়িয়াই অনাৰ লগে লগে সি সমস্ত