সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰা হ'ল। বেছিভাগ ল'ৰাই এনে অকল্পনীয় সৌভাগ্যৰ কাৰণে প্ৰস্তুত নাছিল। ইতিমধ্যে আন্ধাৰ গাঢ় হৈ আহিছিল, কিন্তু এটা অপূৰ্ব অভিজ্ঞতাৰ মাদকতাত বিহাল থকা ল’ৰাবোৰৰ তালৈ ভ্ৰুক্ষেপ নাছিল। আকাশত অজস্ৰ ৰা ওলাইছিল আৰু ৰাৰ পোহৰেই সিহঁতৰ কাৰণে যথেষ্ট আছিল। কমিটিৰ সম্পাদক হ’ল দুলাল আৰু লাইব্ৰেৰিয়ান হ’ল বিক্ৰম। দুলাল আৰু বিক্ৰমক ইতিমধ্যে সকলোৱে নেতা বুলি বৰণ কৰি লৈছিল, গতিকে সকলোৱে পৰম উলাহেৰে হাত- চাপৰি বজাই সিহঁতৰ নিৰ্বাচন সমৰ্থন কৰিলে। কিন্তু লাইব্ৰেৰিটোৰ নাম কি হ’ব? লাইব্ৰেৰিৰ কাৰণে টকা কেনেকৈ তোলা হ’ব? এইবোৰ প্ৰশ্নৰ উত্তৰৰ কাৰণে দুলাল আৰু বিক্ৰম আগতেই প্ৰস্তুত হৈ আহিছিল। সভাপতি আসনৰ পৰা বিক্ৰমে ক'লে—‘লাইব্ৰেৰিটোৰ নাম আমি ল’ৰামানুহে দিয়াটো বৰ ঠিক কথা নহ'ব। আমি ভাবিছো যে লাইব্ৰেৰিটোৰ নাম এটা দিবলৈ আমি যোগেন দদাইদেউক অনুৰোধ কৰিম। টকা কেনেকৈ তোলা যায় সেই বিষয়েও আমি তেওঁৰ পৰা উপদেশ বিচাৰিম। লগত ডাঙৰ মানুহ এজন নাথাকিলে মানুহে আমাৰ লাইব্ৰেৰি পতাৰ কথাটো ল'ৰা-ধেমালি বুলি উৰাই দিব। মই আৰু দুলালে কাইলৈকে যোগেন দদাইদেউৰ ওচৰলৈ যাম। আজি ৰাতি বহুত হ’লগতিকে সভা ইমানতে ভঙ্গ কৰে। অহা দেওবাৰে আবেলি আমি ইয়াতে আকৌ গোট খামইক। ৰাতিপুৱা যোগেন গগৈয়ে কোৰ এখনেৰে গোহালিৰ গোবৰ পেলাই আছিল। গাঁৱত এইবোৰ কাম সাধাৰণতে মাইকী মানুহেই কৰে যদিও যোগেন গগৈয়ে কিন্তু গোৰৰ পেলোৱা কাম নিজে কৰে। কাৰণ দুটা। প্ৰধমতে, তেওঁৰ নিজৰ ঘৈণীয়েক নাই; বিয়াৰ এবছৰ পিছতেই এসবৰ সময়ত তেওঁৰ ঘৈণীয়েক টুকাল। তওঁ আৰু দ্বিতীয়বাৰ শৰ