সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হবলৈ ধৰা দেখি সিহঁত খুব উত্তেজিত হৈ উঠিল। সিহঁতৰ ভিতৰত যি কেইটা ল'ৰাৰ গাৰ বল বেছি তেনেকুৱা দুটামানে মনবৰ ভৰিত ধৰি চেঁচাই বিক্ৰমৰ গাৰ পৰা নমাই দি কলে—“তই এতিয়াই ইয়াৰ পৰা গুছি যা। নহ'লে তোৰ নাক-মুখ একাকাৰ কৰি দিম। ল’ৰাৰ মাজত কেতিয়াবা ধেমালিয়েই গৈ কাজিয়াত পৰিণত হয়। তেতিয়া সিহঁতৰ মাজত দৰা-দবৰি লাগে। কিন্তু আচলতে সেইটোও ধেমালিৰেই এটা অংশ-মাত্ৰ। শক্তি প্ৰদৰ্শনৰ এনে এটা অযাচিত অযোগ পালে বহুতো লৰাই ভালেই পায়। মনবৰ আছিল তেনেকুৱা এটা ল’ৰা। যুঁজ এখুন্দা কৰিবলৈ পাম বুলি ভাবি তাৰ মনটোৱে কিৰিলি পাৰি উঠিল। ল'ৰাকেইটাৰ কথা শুনি সি ফেপেৰি পাতি ক'লে —“আহচোন আহ, কোনে মোৰ নাক-মুখ একাকাৰ কৰিব পাৰ চাওঁ। অৱশেষত সভাৰ আটাইবোৰ ল'ৰাই মনবৰক চেঁচৰাই নি বহুত দূৰত পেলাই থৈ আহিলগৈ। জীৱনত প্ৰথম সভাপতি হ’বলৈ বহিয়েই এনে এটা অপমানজনক অভিজ্ঞতাৰ সন্মুখীন হ'ব লগা হোৱাত বিক্ৰমৰ মনত ইমান বেজাৰ লাগিল যে তাৰ চকুপানী ওলাবৰ উপক্ৰম হ’ল। কিন্তু তাৰ ভাগ্য ভাল যে ঠিক সেই সময়তে বেলিটো মাৰ গৈছিল আৰু গধূলিৰ পাতল আন্ধাৰ নামি আহিছিল। তাৰ চলচলিয়া চকুদুটা কোনেও দেখিবলৈ নাপালে। সি আকৌ সভাপতিৰ তৃণাসনত বহি লৈ কলে—“যি হ'ল হ’লএতিয়া-সেইবোৰ কথা সকলোৱে পাহৰি যোৱা। দুলাল, তোমাৰ সভাৰ উদ্দেশ্য-ব্যাখ্যা এতিয়াও শেষ হোৱা নাই। তুমি আকৌ ক’বলৈ আৰম্ভ কৰা। মনবৰ কিন্তু তেতিয়াও যোৱা নাছিল। নিৰাপদ দূৰত্বত বহি লৈ সি নানা অবাইচ মাত মাতি ল'ৰাবোক জোকাই আছিল। কিন্তু অলপ সময়ৰ ভিতৰতে ল'ৰবোৰ লাইব্ৰেৰিব আলোচনাত ইমান মগ্ন হৈ পৰিল যে মনবৰৰ চিঞৰবোৰ সিহঁতৰ কাণতেই নপৰা হ'ল। কিছু সময়ৰ আলোচনাৰ পিছত লাইব্ৰেৰি কৰিবৰ কাৰণে এখন কমিটি গঠন কৰা হ'ল আৰু সভাত উপস্থিত থকা আটাইবোৰ ল'ৰাকে তাৰ সদস্য