সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেতিয়াও অনুভৱ নকৰা ধৰণৰ এটা নতুন আবেগ অনুভৱ কৰিলে। সি বুজি পালে যে বাপুকণৰ লগত তাৰ এনে এক গভীৰ বন্ধুত্ব গঢ়ি উঠিৰ —যি ধৰণৰ বন্ধুত্বৰ লগত তাৰ আগতে কোনো পৰিচয় নাছিল। অৱশেষত দুলালে নীৰৱতা ভঙ্গ কৰি মাত লগালে-“কিয় নিদিম? নিশ্চয় দিম। কিন্তু তোমাৰ কিতাপবোৰৰ মোক পঢ়িবলৈ দিব লাগিব। অমি দুয়ো কিতাপ সলনা-সলনি কৰিম। ইয়াৰ পিছত সিহঁত দুয়োয় ইটোৱে সিটোক নেদেখিলে থাকিব নোৱৰা হ'ল। দুয়ো একেলগে নৈত গা ধুবলৈ যায়, একেলগে স্কুললৈ যায়, পানীখোৱা ছুটীত দুয়ো একেলগে গৈ নৈ-ঘাটত বহি থাকে, আবেলি পৰত দুলালেও বাপুকণৰ লগত পথাৰত বা চাপৰিত গৰু বিচাৰি যায়। এমাহ মানৰ ভিতৰতে বাপুকণে তাৰ আটাইতকৈ মৰমৰ বন্ধু হেবাঙৰ অস্তিত্ব পৰ্যন্ত পাহৰি গ'ল। হেবাঙৰ লগত নৈত সঁতুৰি-নাদুৰি সি এদিন আনন্দত পাগল হৈছিল। কিন্তু দুলালৰ লগত একেলগে নৈ-ঘাটত নীৰৱে বহি থাকি নৈৰ কুলু-কুলু ধ্বনি শুনি সি আজি এক অনিৰ্বচনীয় বিষাদত শিহৰিত হৈ উঠে। হেবাঙৰ লগত গছৰ ওখ ডালৰ পৰা পকা বনৰীয়া ফল পাৰি আনি খাই সি ভীষণ তৃপ্তি অনুভৱ কৰিছিল; কিন্তু এতিয়া সি সজল বতাহে কঢ়িয়াই অনা নাম-নজনা বনৰীয়া ফুলৰ গোন্ধত উন্মনা হৈ দুলালৰ লগত কোনোবা অচিন দেশলৈ গুছি যাব খোজে। পূৰ্ণিমাৰ ফৰিং-ফুটা জোনাকত সি এদিন হেবাঙৰ লগত পথাৰত গৰু বিচাৰি বৰ আনন্দ পাইছিল; কিন্তু সি আজি সেই একে জোনাকতে দুলালৰ লগত এনে কিবা এটা বস্তু বিচাৰি ফুৰে যাৰ নাম সিহঁতৰ কোনো এটাই নাজানে। হেবাঙৰ মুখত বন-ঘোষা শুনি সি এদিন কিবা এটা বুজাব নোৱাৰা মাদকতা অনুভৱ কৰিছিল। কিন্তু দুলালৰ মুখত কবিতা আবৃত্তি শুনি সি আজি এক বিশ্ব-গ্ৰাসী আবেগ অনুভৱ কৰে। হেবাঙৰ কাৰণে সি এদিন ব্যাকুলভাবে প্ৰতীক্ষা কৰিছিল নৈ-ঘাটলৈ যাবলৈ; আজি সি দুলালৰ কাৰণে তাতকৈ হেজাৰ গুণ বেছি ব্যাকুলতাৰে প্ৰতীক্ষা কৰি থাকে দূৰৰ কেঁকুৰিত