- থাকে। এতিয়া তাৰ জীৱনৰ একমাত্ৰ ধ্যান-জ্ঞান একমাত্ৰ উচ্চাকাকা হ’ল ডাঙৰ হৈ কটন কলেজত পঢ়িবলৈ যোৱা—যি কটন কলেজে পৃথিৱীৰ জ্ঞান-ভাণ্ডাৰৰ দুৱাৰ তাৰ চকুৰ আগত মুকলি কৰি দিব আৰু জীৱনটোক পৰিণত কৰিব বিচিত্ৰ ছন্দময় এটি দীঘলীয়া কবিতাত। গল্পৰ নায়কে কীটছৰ কবিতাৰ কোনকেইটা লাইন তেওঁৰ প্ৰেম-পত্ৰত ব্যৱহাৰ কৰিবলৈ বাছনি কৰে সেইটো জানিবলৈ বাপুকণ ঠিক যি মুহূৰ্তত ভীষণ উদগ্ৰীৱ হৈ উঠিছে সেই মুহূৰ্ততে হেবাঙে তাৰ কাণৰ কাষত মাত লগালে – বাপুকণ, ক’লীজামু খাবলৈ যাওঁ বল। কীটছৰ কবিতাৰ পৰা হেবাঙৰ ক'লীজামুৰ জগতখনলৈ ঘূৰি আহিবলৈ বাপুকণৰ ইমান সময় লাগিল যে বেছ কিছু সময়ৰ কাৰণে সি হেবাঙৰ কথাটো বুজিয়েই নাপালে। যেতিয়া বুজি পালে তেতিয়া বিৰক্তিত তাৰ মুখখন ক’লা পৰি গ'ল। ভেকাহি মৰাৰ নিচিনাকৈ সি হেবাঙক ক'লে ‘মই কিতাপ পঢ়ি আছে তই দেখা নাই নেকি? তোৰ ক'লীজামু খাবলৈ মোৰ অকণো ইচ্ছা নাই। তই এতিয়া যা, মোক দিগদাৰি দি নাথাকিবি। হেবাঙৰ অস্তিত্ব সম্পূৰ্ণৰূপে উপেক্ষা কৰি বাপুকণে আকৌ কিতাপৰ পাতত মনোনিবেশ কৰিলে। হেবাঙ প্ৰথমতে বৰ আচৰিত হ'ল। বাপুকণে আজি কয় কি? সি দেখোন সদায় কিতাপৰ পৰা পলাই সাৰিবলৈ ছল বিচাৰি ফুৰে; হেবাঙক দেখিলেই তাৰ মনটো নাচি উঠে। আজি তাৰ হ’ল কি? হঠাৎ হেবাঙৰ মনত ধাৰণা হ’ল যে বাপুকণে আজি তাৰ লগত নিশ্চয় ধেমালিহে কৰিছে। সি বাপুকণৰ হাত এখনত ধৰি টান মাৰি ক'লে –“আহ আহ, বৰ কিতাপ পঢ়াটো দেখুৱাব নালাগে। হাতে চুকি পোৰা তলৰ ডাল- বোৰৰ পকা জামুবোৰ আজিয়েই আমি খাই নেপেলালে আন কোনোবাই খাই পেলাব। উঠ বুলিছো নহয়..। হেবাঙৰ টনা-আজোৰাত বাপুকণৰ হাতৰ আলোচনীখন ওফৰি মাটিত পৰি গ'ল। বাপুকণৰ হঠাৎ ভীষণ খং উঠি গ’ল। কিতাপখন
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৬৩
অৱয়ব