প্ৰায় এবছৰমানৰ আগৰ কথা। দেউতাকে এদিন তাক মাতি নি ক'লে ‘হোল, আলমাৰিৰ চাবিটো এতিয়াৰ পৰা তয়েই ৰাখিবি। আজিৰ পৰা তোক আমাৰ ঘৰৰ লাইব্ৰেৰিয়ান পাতিলো। কিন্তু সাৱধান কিতাপ- পত্ৰবোৰ যদি নষ্ট কৰ বা পৰিপাটিকৈ নাৰাখ, তেন্তে কিন্তু চাবিটো মই আকৌ ঘূৰাই লম। দেউতাকৰনো হঠাৎ কিয় মনটো কুমলিল তাৰ কোনো কাৰণ বাপুকণে অনুমান কৰিব নোৱাৰিলে। অৱশ্যে সেইদিনা ৰাতিপুৱা সিহঁতৰ স্কুলৰ হেড পণ্ডিত বাপুকণহঁতৰ ঘৰলৈ অহাৰ সময়ত সি যদি ঘৰত থাকিলহেতেন তেন্তে এটা সম্ভাব্য কাৰণ সি হয়তো অনুমান কৰি ল’ব পাৰিলেহেতেন। সেইদিনা আছিল দেওবাৰ। ছুটীৰ দিন পাই বাপুকণে লগৰীয়াবোৰৰ লগত নৈত সঁতুৰিবলৈ গৈছিল। সেই সময়তে স্কুলৰ হেড পণ্ডিত সিহঁতৰ ঘৰলৈ আহি বাপুকণৰ দেউতাকক ক'লে—এটা ডাঙৰ বিপদত পৰি তোমাৰ ওচৰলৈ আহিছে গগৈ। বিপদটো কৰিছে তোমাৰ পুত্ৰই। আমাৰ স্কুলৰ লাইব্ৰেৰিত আঢ়ৈশমান কিতাপ আছে। তোমাৰ পুত্ৰই সেই গোটেই আঢ়ৈশ কিতাপ পঢ়ি শেষ কৰি এতিয়া সদায় মোৰ ওচৰত থেনথেনাব ধৰিছে-তাক বোলে আৰু কিতাপ লাগে। কিতাপ মই ক'ৰপৰা দিম? লাইব্ৰেৰিত থাকিলেহে দিম? সিদিনা তাক ক'লে—“চৰকাৰে লাইব্ৰেৰিৰ কিতাপ কিনিবলৈ নতুনকৈ টকা মঞ্জুৰ নকৰিলে মই গাঁঠিৰ ধন ভাঙি কে কিতাপ কিনি দিব নোৱাৰে। ইপিনে চৰকাৰৰ নতুন মজুৰি আহে মানে তই এই স্কুলৰ পঢ়া শেষ কৰি হাইস্কুলৰৰ কিজানি দুখাপমান বগাবিগে। এটা কাম নকৰ কিয়? তহঁতৰ ঘৰতে সৰু সুৰা এটা লাইব্ৰেৰি আছে। দেউতাৰক ক'লেই দেখোন তোক কিতাপ পঢ়িবলৈ দিব। তেতিয়াহে সি মোক কলে যে তুমি বোলে সি ডাঙৰ নোহোৱালৈকে তাক সেই কিতাপবোৰ চুবলৈ নিদিওঁ বুলি কৈছা। পিছে তোমাৰ ল'ৰা তলে তলে কিমান ভাঙৰ হ’ল তোমাৰ বোধহয় খবৰেই নাই। আমাৰ স্কুলৰ শিক্ষকসকলে পঢ়িবলৈ টান পোৱা গুৰু-গম্ভীৰ কিতাপবোৰৰ তোমাৰ পুই পঢ়ি শেষ কৰিলে। সি এনেয়ে
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৬০
অৱয়ব