সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায় । ১। ‘বিক্ৰম! অ' বিক্ৰম! গৰমৰ বন্ধৰ দুপৰীয়া। সাতদিনমান একে-লেথাৰিয়ে বৰষুণ দিয়াৰ পিছত সেইদিনা ৰাতিপুৱাৰ পৰা বৰষুণ দিবলৈ এৰিছে, কিন্তু আকাশখন মেঘে এনোলাই আছে। যি কোনো মুহূৰ্ততে আকৌ বৰষুণ আহিব পাৰে। দুপৰীয়া ভাত-পানী খাই উঠি বাপুকণহঁতৰ ঘৰৰ আটায়ে বিছনাত পৰি জিৰণি লৈছে। কেৱল বাপুকণে পুৰণি ‘বাহী’ আৰু ‘আৱাহন’ এজাপ লৈ চ’ৰাঘৰত বহি ইতিমধ্যে এশবাৰ মান পঢ়া গল্প আৰু কবিতা- বোৰকে আকৌ এবাৰ পঢ়িবলৈ লৈছে। মাত্ৰ এবছৰমানৰ আগতে সি দেউতাকৰ কিতাপৰ আলমাৰিত এখন নতুন জগত আৱিষ্কাৰ কৰিছে। তাৰ আগলৈকে কিতাপৰ আলমাৰিৰ চাবি দেউতাকে সদায় নিজৰ হাতত বাখিছিল। কাৰণ আলমাৰিটোত এজাপ পুৰণি আলোচনী আৰু কেইখনমান কিতাপৰ বাহিৰেও দেউতাকৰ কিছুমান মূল্যবান দলিল-পত্ৰ আছিল। দেউতাকে যেতিয়াই আলমাৰিটো খোলে তেতিয়াই বাপুকণ গৈ দেউতাকৰ ওচৰত ঠিয় হয় আৰু সতৃষ্ণ নয়নেৰে আলমাৰিৰ কিতাপ- বোৰলৈ চাই থাকে। কিতাপবোৰ পঢ়ি চাব খুজিলে দেউতাকে তাক কয়—এইবোৰ ডাঙৰ মানুহে পঢ়া কিতাপ। তোৰ এতিয়াও এইবোৰ কিতাপ পঢ়িবৰ বয়স হোৱা নাই। দেউতাকে যিমানেই তাক বাধা দিয়ে সিমানেই আলমাৰিটোৰ প্ৰতি বাপুকণৰ কৌতুহল অদম্য হৈ উঠে। জীৱনৰ যিবোৰ পৰম লোভনীয় বস্তু সি কেৱল ডাঙৰ হলেহে পোৱাৰ অধিকাৰ অৰ্জন কৰিব সেইবোৰৰ ভিতৰত দেউতাকৰ কিতাপৰ আলমাৰি- টোও এটা। প্ৰতীক্ষাৰ যন্ত্ৰণাত সি কেতিয়াবা পাগল হৈ উঠে। কিন্তু এদিন নিতান্ত অপ্ৰত্যাশিতভাবে হঠাৎ সেই প্ৰতীক্ষাৰ অৱসান ঘটিল।