সুধি সুধি বাপুকণে একো উত্তৰ নাপায়। বাপুকণে জীৱনত প্ৰথমবাৰৰ কাৰণে এটা আচৰিত ধৰণৰ বিষাদ অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু সেই বিষাদৰ পিছতেই সি যি কল্পনা কৰিব নোৱৰা আনন্দ অনুভৱ কৰিলে তাৰ জীৱনত তাৰ তুলনা নাই। লাহে লাহে সি আৰোগ্য হৈ আহিল আৰু এদিন আবেলি পৰত মাকে তাক নৰিয়া পাটিৰ পৰা তুলি হাতত ধৰি ধৰি বাহিৰলৈ উলিয়াই আনিলে। পিৰালিত তাৰ কাৰণে চকী এখন পাৰি থোৱা আছিল। তাতে বহি সি সদ্যোজাত শিশুৰ দৰে চকু দুটা মেলি পৃথিৱীখনলৈ চাই পঠিয়ালে। প্ৰথমেই তাৰ চকু গ’ল হোলাটোৰ সিপাৰৰ বাঁহনি খনলৈ। ঘন সেউজীয়া বাঁহপাত বোৰৰ ওপৰত আবেলিৰ সোণালী ৰ’দ জলমলাব ধৰিছে। কি সুন্দৰ। বাপুকণে আপোন মনে ক'লে। ভঁৰালৰ আগৰ চালিখনৰ ওপৰত এজোপা কোমোৰা বগাইছে, তিনিটা কোমোৰা বুঢ়া হৈ বগা হ’ব ধৰিছে। কি সুন্দৰ! চোতালত কেইটামান শালিকা আৰু ঘন-চিৰিকা চৰায়ে জপিয়াই ফুৰিছে। কি সুন্দৰ! আলিবাটেদি মানুহ অহা-যোৱা কৰিছে; কোনোবা গৈছে উজনিলৈ, কোনোবা ভাটিলৈ। কি সুন্দৰ! ৰত্ন দদাইদেউহঁতৰ ঘৰৰ ঢাপত এজোপা জলকীয়া গছ পকা জলকীয়াৰ ভৰত দো খাই পৰিছে আৰু মাৰ যাব খোেজা বেলিটোৰ শেষ একাজলি ৰঙা পোহৰ ৰঙা জলকীয়াজোপাৰ মূৰত আছাৰ খাই পৰিছে। কি সুন্দৰ! কি সুন্দৰ! কি সুন্দৰ! আনন্দৰ গীত বাপুকণ পাগল হৈ পৰিল। মৃত্যুৰ ৰাজ্যৰ পৰা পৃথিৱীলৈ পুনৰ ঘূৰি আহিহে সি আৱিষ্কাৰ কৰিলে—এই পৃথিৱীখন কি অপৰূপ সুন্দৰ, ইয়াৰ প্ৰতিটো ধুলিকণা, প্ৰতিটো পোহৰকণা, প্ৰতিখিলা সৰাপাত, প্ৰতিটো পশু-পক্ষী, প্ৰতিটো মানুহ— সকলোৱেই কি আশ্চৰ্যভাবে অসামান্যভাবে সুন্দৰ। সীমাহীন প্ৰেম আৰু কৃতজ্ঞতাৰে বাপুকণে পূবৰ পৰা পশ্চিমলৈ, আকাশৰ পৰা পৃথিৱীলৈ, অস্তমিত সূৰ্যটোৰ পৰা ঘৰৰ ঢাপৰ জলকীয়া গছজোপালৈ ঘূৰি ঘূৰি চাবলৈ ধৰিলে আৰু এটা সময়ত তাৰ ৰোগক্লান্ত চকু দুটা আনৰ চকুপানীৰে ওপচি পৰিল। ৪৫
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৫৩
অৱয়ব