এবাৰ মাকৰ মুখৰ ফালে চাই আকৌ চকু দুটা মুদি দিলে। তাৰ অকণ- মানি বেমাৰী বুকুখনৰ পৰা এটা গভীৰ তৃপ্তিৰ দীৰ্ঘশ্বাস বাহিৰ হৈ আহিল। মুহূৰ্তৰ ভিতৰতে তাৰ মনলৈ অনেক ভাব আহিল। প্ৰথম ভাব আহিল যে মাকদেউতাকৰ সেই ব্যাকুল দৃষ্টিয়ে সিহঁতক পহৰা দি থকা অৱস্থাত কোনো অপায়-অমঙ্গলে সিহঁতক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। সি এটা বিৰাট নিৰ্ভয় অনুভৱ কৰিলে। দ্বিতীয়তে সি অনুভৱ কৰিলে যে সি এইমাত্ৰ মাক-দেউতাকৰ চকুত যিটো বস্তু দেখিলে—কেৱল মৰম নহয়, তাতোকৈ হাজাৰ গুণে কিবা এটা বেছি,আগতে কোনোদিনে নেদেখা কিবা এটা-সেইটো দেখি থাকিবলৈ পালে গোটই জীৱন বেমাৰত পৰি থাকিবলৈকো তাৰ আপত্তি নাই। এটা অপূৰ্ব আনন্দ অনুভৱ কৰি কৰি সি আকৌ যন্ত্ৰণাৰ গীত অচেতন হৈ পৰিল। হঠাৎ এটা বিকট কান্দোনৰ শব্দ শুনি বাপুকণ সাৰ পাই উঠিল। সেই একেদিনাই নে তাৰ পিছৰ দিনা সি কব নোৱাৰে - কাৰণ আধা- অন্ধকাৰ কোঠাটোত নৰিয়া-পাটিত পৰি থাকি থাকি সি সময়ৰ হিছাব হেৰুৱাই পেলাইছিল। খকমককৈ চকু দুটা মেলি সি দেখিলে-দেউতাক নাই; কেৱল মাক তাৰ গাৰ কাষত শিলৰ মূৰ্তিৰ দৰে বহি আছে আৰু তেওঁ চকুৰ পৰা সৰসবকৈ পানী ওলাব ধৰিছে। বাপুকণে চকু মেলাৰ লগে লগে মাকে তাক বুকুৰ মাজত সাৱতি ধৰি কন্দা কন্যা মাতেৰে ঘনে ঘনে ঈশ্বৰৰ নাম লবলৈ ধৰিলে। বাপুকণে”দুৰ্বল মাতেৰে মাকক সুধিলে —“কি হৈছে? তই কান্দিছ কিয়? মাকে একো উত্তৰ নিদি বেছি জোৰেৰে বাপুকণক সাৱতি ধৰি নীৰৱে কান্দিবলৈ ধৰিলে। ইয়াৰ পিছৰ পৰা কিছু সময়ৰ মূৰে মূৰে বাপুকণে কান্দোনৰ শব্দ শুনিবলৈ পালে। কেতিয়াবা পূবৰ পৰা, কেতিয়াবা পশ্চিমৰ পৰা। কেতিয়াবা কৰুণভাবে ইনাই-বিনাই, কেতিয়াবা বুকু ভাঙি ভাঙি পাগলৰ এনেদৰে কান্দোন শুনি শুনি এবাৰ বাপুকণৰ মনত অনুভৱ হ'ল যে গোটেই গাঁওখনেই যেন আন সকলো জি এৰি কেৱল কান্দিবলৈ লাগি গৈছে। মানুহবোৰে কিয় কান্দিছে মাক-দেউতাকক দৰ। 88
পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৫২
অৱয়ব