সমললৈ যাওক

পৃষ্ঠা:সাউদৰ পুতেকে নাও মেলি যায়.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাটেদি মানুহ এজন গৈ আছে। সমুখৰ ফালৰ পৰা কুকুৰ-খোজৰে কুকুৰ এটা আহি আছে। কুকুৰটোৰ ওপৰত চকু পৰাৰ লগে লগেই মানুহজনে হয়তো অন্যমনস্কভাবে কলে—‘অ, ভালুকা। গঁৱৰ কোনোবা এটা সৰু ল'ৰা গাৰ কাষেদি পাৰ হৈ গলেও তেওঁ হয়তো মনে মনে নিজকে কলেহেতেন—“অ, কণপোনা, দেওবৰৰ পুতেক। কাৰোবাৰ ঘৰত বিয়া বা সবাহ হলে গাঁৱৰ কুকুৰজাকৰ বিৰাট ভোজ হয়। চুৱাপাত পেলোৱা ঠাইত গোটেইজাক গোট খাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ভুকভুকাই কেগুকোই কামোৰাকামুৰি কৰি সিহঁতেও ভোজ খায়। ৰভাতলত নিমন্ত্ৰিত সকলৰ দৰেই চুৱাপাতনিত কুকুৰৰ জাকটোও যেন গাঁৱৰ উৎসৱৰ এট। অপৰিহাৰ্য অঙ্গ। সঁজৰ প্ৰথমটো ৰা আকাশত দেখা দিয়াৰ লগে লগে শিয়ালবোৰে যেই হোৱা দিবলৈ আৰম্ভ কৰে, গাঁৱৰ কুকুৰ জাকেও একেলগে সমস্বৰে ভুকিবলৈ আৰম্ভ কৰি দিয়ে। কেইমুহুৰ্তমানৰ কাৰণে শিয়ালৰ হোৱা- আৰু কুকুৰৰ ভুকভুকনিৰ বাহিৰে যেন আন একো শব্দই শুনা নাযায়। মাত্ৰ এটা গধূলিৰ কাৰণেও যদি সেই শব্দ বন্ধ হৈ যায়, মানুহবোৰে হয়তো প্ৰশ্ন নকৰিব—“আজি কুকুৰবোৰ ভুকা নাই কিয়? কিন্তু অচেতনভাবে প্ৰত্যেকেই হয়তো অনুভৱ কৰিব—“কি হল? কিয় আজি মোৰ মনটো কেনেবা-কেনে লাগিছে? বাপুকণহঁতৰ ঘৰত কেবাবছৰৰ কুকুৰ নাছিল। সিহঁতৰ ঘৰত বাহ লোৱা কুকুৰ এটা এবাৰ বলিয়া হৈ ঘৰৰ গৰখীয়া ল'ৰা এটাক কামোৰাৰ পিছত বাপুকণৰ দেউতাকে তেওঁলোকৰ বাৰীৰ চাৰিধাপৰ ভিতৰত কুকুৰক স্থায়ীভাবে ঘৰ লবলৈ নিদিয়ে। শুই থকা কুকুৰ দেখিলেই তেওঁ মাৰি ধৰি খেদি দিয়ে। কিন্তু কেইমাহমানৰ আগতে হঠাৎ এদিন দেখা গ'ল যে দেখিবলৈ শুৱনী এজনী বগী মঙহাল কুকুৰে বাপুকণহঁতৰ ভঁৰাল-ঘৰৰ তলত একাদিক্ৰমে কেবাদিনো ধৰি শুবলৈ আৰম্ভ কৰিছে, কিন্তু বাপুকণৰ দেউতাকৰ সেইফালে কাণসাৰেই নাই। বুজা গ'ল যে কুকুৰৰ প্ৰতি বৈৰিতাৰ কথা তেওঁ সমূলি পাহৰি পেলাইছে।